ঈদ-উজ্‌-জোহা উপলক্ষে মুখ্যমন্ত্ৰীৰ শুভেচ্ছা

0 204

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ঈদ-উজ্‌-জোহা উপলক্ষে ৰাজ্যখনৰ ইছলাম ধৰ্মাৱলম্বী জনসাধাৰণক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।

আজি এক বিবৃতিযোগে মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ঈদ-উজ্-জোহা হ’ল ইছলাম ধৰ্মাৱলম্বী জনসাধাৰণৰ এক অতি পৱিত্ৰ উৎসৱ। এই উৎসৱে ত্যাগ, কৰুণা, মানৱ প্ৰেম আৰু ভাতৃত্ববোধৰ মহান অনুভূতিৰে উদ্বুদ্ধ কৰি সমাজত ঐক্য, শান্তি, সমন্বয়ৰ বান্ধোন অধিক সুদৃঢ় কৰে।

Leave A Reply

Your email address will not be published.