বুধবাৰে উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত আৰু আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সহযোগত এখনি বিশেষ বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়৷ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ৰমেন চুতীয়া সঞ্চালনা কৰা অনুষ্ঠানৰ আঁত ধৰে অধ্যাপক দেৱৰাজ দত্তই৷ আদৰণি বক্তব্য দাঙি ধৰে মহাবিদ্যালয়ৰ অধ্যক্ষা ড° জাহ্নৱী লহকৰ বৰুৱাই৷ মহাবিদ্যালয়ৰ সকলো শিক্ষক-শিক্ষয়ত্ৰী, পূব মাজুলী মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপকদ্বয় ক্ৰমে বুধিন বৰা আৰু যুগল চন্দ্ৰ হাজৰিকাৰ উপস্থিত থকা অনুষ্ঠানটিত “DISPLACED PERSONS AND THEIR RIGHTS” শীৰ্ষক বিশেষ বক্তৃতা প্ৰদান কৰে উত্তৰ লখিমপুৰ (স্বতন্ত্ৰ) মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড° দিগন্ত হাতীবৰুৱাদেৱে৷ মহাবিদ্যালয়ৰ শিল্পীবৃন্দৰ দ্বাৰা পৰিবেশিত আৰম্ভণি গীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ উপৰিও পূব মাজুলী মহাবিদ্যালয়ৰ ২০ জনকৈ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷
Trending
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta