সদৌ অসম মহিলা কৰ্মচাৰী সংস্থাৰ ঢকুৱাখনা মহকুমা সমিতি গঠন

0 293

অসম চৰকাৰৰ সুস্থ প্ৰশাসনীয় ব্যৱস্থাত মেটমৰা অৱদান আগবঢ়াই অহা মহিলা কৰ্মচাৰী সকলৰ উমৈহতীয়া মঞ্চ সদৌ অসম মহিলা কৰ্মচাৰী সংস্থাৰ ঢকুৱাখনা শাখা সমিতিখন বুধবাৰে গঠন কৰা হয় । ঢকুৱাখনা মহকুমা সদৰৰ পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষগৃহত বুধবাৰে অনুষ্ঠিত এই সভাত সভাপতিত্ব কৰে পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দুলু শইকীয়াই। কেন্দ্ৰীয় সমিতিৰ  সভানেত্ৰী  মৰাণ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ভানু প্ৰভা দত্ত শইকীয়া ,কেন্দ্ৰীয় সমিতিৰ  উপদেষ্টা দীপালি দত্ত শইকীয়া ,প্ৰাক্তন সদস্য চিত্ৰ লেখা গগৈৰ উপস্থিতিত অনুষ্ঠিত সভাত ঢকুৱাখনাৰ শতাধিক মহিলা কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে ।  গাম্ভীৰ্যপূৰ্ণ সভাত উপস্থিত মহিলা কৰ্মচাৰী সকলে  ঢকুৱাখনাত সংস্থাটোৰ এটা শক্তিশালী শাখা গঠনৰ সন্দৰ্ভত সমজুৱা  সহমত পোষণ কৰি নিজস্ব মন্তব্য ব্যক্ত কৰে ।সভাতেই কেন্দ্ৰীয় পৰ্যবেশকৰ উপস্থিতিত পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ  দুলু শইকীয়াক সভানেত্ৰী , জালভাৰী মজলীয়া বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী লক্ষীমাই দত্তক কাৰ্যকৰী সভানেত্ৰী ,  কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী অনু গগৈক উপ সভানেত্ৰী ,পশ্চিম ঢকুৱাখনা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী  শিক্ষয়িত্ৰী সংগীতা শইকীয়াক সাধাৰণ সম্পাদিকা , ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী জাহ্নৱী শইকীয়া আৰু পশ্চিম ঢকুৱাখনা জ্যেষ্ঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী ডিম্পি বৰগোঁহাইক সহকাৰী সাধাৰণ সম্পাদিকা ঢকুৱাখনা জ্যেষ্ঠ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী কাঞ্চন দত্তক সাংগঠনিক সম্পাদিকা , জালভাৰী মজলীয়া বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী কবিতা দত্তক প্ৰচাৰ সম্পাদিকা , পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী  অনুৰাধা শইকীয়াক কোষধক্ষ্য  আৰু ১৩ গৰাকী মহিলা কৰ্মচাৰীক কাৰ্যকৰী সদস্য হিচাবে লৈ এখন পূৰ্ণাংগ সমিতি গঠন কৰা হয় সৰ্বসন্মতি ক্ৰমে । নৱগঠিত শাখা সমিতিখনে মহিলা কৰ্মচাৰী সকলৰ সৰ্বাংগীন উন্নয়ন আৰু স্বাধীকাৰ প্ৰাপ্তিৰ হকে সাংগঠনিক শক্তি প্ৰয়োগ কৰি যোৱাৰ সংকল্প গ্ৰহণ কৰে।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.