অহা ইং ২১ জুনত অনুষ্ঠিত হ’ব আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস । যোগ দিৱসৰ বাবে এতিয়া ব্যস্ত হৈ পৰিছে শোণিতপুৰৰ উত্তৰ জামুগুৰি পুষ্পাঞ্জলী যোগ প্ৰশিক্ষণ কেন্দ্ৰৰ মহিলাসকল । ৩০ ৰ পৰা ৪৫ বছৰৰ মহিলাও অংশগ্ৰহণ কৰা দেখা যায় উক্ত যোগাসনৰ প্ৰশিক্ষণত । ধলাইবিল নিবাসী প্ৰশিক্ষক লিপিকা বৰঠাকুৰে কয় যে – যোগাসনৰ জৰিয়তে নিজৰ শৰীৰৰ ৰোগ নিৰাময় কৰাৰ লগতে সু্স্থ মানসিকতাৰে প্ৰতিটো দিশত আগুৱাই যাব পাৰিম । প্ৰশিক্ষক লিপিকাৰ নেতৃত্বত প্ৰায় অৰ্ধশতাধিক মহিলাই এই ব্যতিক্ৰমী যোগ প্ৰশিক্ষণত অংশগ্ৰহণ কৰা দেখা যায় ।
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই ।