উত্তৰ জামুগুৰি সামূহিক স্বাস্থ্যকেন্দ্ৰত বিশখন বিচনা যুক্ত চিকিৎসালয়ৰ গৃহৰ আধাৰশিলা বিধায়ক পদ্ম হাজৰিকাৰ

0 207

শোণিতপুৰ জিলাৰ উত্তৰ জামুগুৰি সামুহিক স্বাস্থ্যকেন্দ্ৰৰ কালি বিশখন বিচনা যুক্ত এটি চিকিৎসা গৃহৰ আধাৰশিলা স্থাপন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ চিকিৎসালয়খন পূৰ্বতে ত্ৰিশখন বিচনাযুক্ত আছিল যদিও আৰু বিশখন বিচনা বৃদ্ধি কৰি পঞ্চাশখন বিচনাযুক্ত চিকিৎসালয়লৈ উন্নীত কৰা হয় ৷ আজি চিকিৎসালয় গৃহৰ আধাৰশিলা কৰি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই কয়- ৰাইজৰ সু চিকিৎসাৰ ব্যৱস্থাৰ্থে আমি এই চিকিৎসালয় এশখন বিচনাযুক্ত চিকাৎসালয়লৈ উন্নীত কৰাৰ কথা চিন্তা-চৰ্চা কৰিছো ৷ ইতিমধ্যে এই সন্ধৰ্ভত আমি মূখ্যমন্ত্ৰী গৰাকীৰ লগত আলাপ আলোচনাও কৰিছো ৷ সমষ্টিটোৰ বিভিন্ন প্ৰান্তত আমি ৭ টা উপ স্বাস্থ্যকেন্দ্ৰ নিৰ্মানৰ অনুমোদন লাভ কৰা বুলি মন্তব্য কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ আজিৰ এই আধাৰশিলা অনুষ্ঠানত চিকিৎসালয়খনৰ জেষ্ঠ চিকিৎসক ডা° ৰূপক বৰুৱা প্ৰমুখ্যে কৰি অঞ্চলটোৰ ভালে কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই ।

Leave A Reply

Your email address will not be published.