একক প্ৰচেষ্টাত নিৰ্মাণ কৰিছে বেডমিণ্টন কৰ্ট

0 206

টকা পইচা সকলোৰে থাকে। কিন্তু সেই টকা পইচাক ৰাইজৰ বাবে উৎসৰ্গা কৰা মানুহ তেনেই নগণ্য।বোকাখাত জ্যোতিপুৰৰ এজন ব্যক্তি নাম পবিত্ৰ শইকীয়া। পেছাত এগৰাকী ব্যৱসায়ী।তেখেতে একক প্ৰচেষ্টাত সমূহ ক্ৰীড়া প্ৰেমীৰ বাবে নিৰ্মাণ কৰিছে এখন বেডমিণ্টন কৰ্ট। প্ৰায় ২০০ জন লোক বহি ক্ৰীড়া উপভোগ কৰিব পৰা এই কৰ্টখন অক্টোবৰ মাহৰ দ্বিতীয় সপ্তাহত ৰাইজৰ বাবে মুকলি কৰিব। এই সম্পৰ্কে পবিত্ৰ শইকীয়াই এনেদৰে কয়..ক্ৰীড়াই মানুহৰ মন মগজু সুস্থ কৰি ৰাখে। মই নিজেও এসময়ত ক্ৰীড়াৰ লগত জড়িত আছিলো। আমাৰ অঞ্চলৰ যুৱচামে যাতে ক্ৰীড়াৰ ক্ষেত্ৰত মনোনিবেশ কৰিব পাৰে সেই লক্ষ্য আগত ৰাখিয়েই ষ্টেডিয়াম খন নিৰ্মাণ কৰালো। বোকাখাত জ্যোতিপুৰৰ বাসিন্দা পবিত্ৰ শইকীয়াৰ এনে আদৰ্শৰ বাবে সকলোতে চৰ্চিত হৈ পৰিছে।

Leave A Reply

Your email address will not be published.