এনডিএ-ই কৰিব ৪০০ পাৰ, অসমত প্ৰায় নিশ্চিত ১২ খন আসন- সোণোৱাল

0 61

বিগত ১০ বছৰত মাননীয় প্ৰধানমন্ত্ৰীৰ বলিষ্ঠ নেতৃত্বত বিজেপি চৰকাৰে দেশৰ সৰ্বাংগীন বিকাশ সাধন কৰাৰ বাবেই দেশৰ জনতাৰ অফুৰন্ত মৰম-সঁহাৰি,আন্তৰিকতা বুটলিবলৈ সক্ষম হৈছে। ভাৰতবাসীৰ অকুণ্ঠ সমৰ্থনেৰে আহি আছে মোদী ৩.০ । সৰ্বস্তৰৰ ৰাইজৰ ব্যাপক উৎসাহ-সমৰ্থনৰ ফলশ্ৰুতিত এইবাৰৰ লোকসভা নিৰ্বাচনত এনডিএ-ই কৰিব ৪০০ পাৰ,অসমত প্ৰায় নিশ্চিত ১২ খন আসন। কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা সৰ্বানন্দ সোণোৱালে আজি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ গুৱাহাটীৰ বশিষ্ঠস্থিত মুখ্য ৰাজ্যিক কাৰ্যালয়ত উপস্থিত হয় আৰু দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে বৈঠকত মিলিত হৈ লোকসভা নিৰ্বাচনৰ বিভিন্ন দিশৰ পৰ্যালোচনা কৰে। তাৰপাছতেই তেখেতে এখন সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে।

সোণোৱালে কয়,ভাৰতক বিশ্বৰ তিনি অৰ্থনৈতিক মহাশক্তিধৰ দেশৰ ভিতৰত অন্তৰ্ভুক্ত কৰাটো বিজেপি চৰকাৰৰ এতিয়া দৃঢ় লক্ষ্য। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত এই দিশত সবল ভূমিকা ল’বলৈ আমি দৃঢ়প্ৰতিজ্ঞ।” বিগত বছৰবোৰত মোদী লহৰেৰে অসমৰ চৌদিশ উজ্জীৱিত হৈ উঠিছে আৰু অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নে এক নতুন শিখৰত আৰোহণ কৰিছে বুলি সোণোৱালে উল্লেখ কৰে। তেখেতে কয়- “অসমবাসীৰ পূৰ্ণ সঁহাৰি-সমৰ্থনেৰে অপ্ৰতিৰোধ্য বিজেপি মিত্ৰজোঁট। তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত লোৱাৰ পথত মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া।তেখেতৰ বলিষ্ঠ নেতৃত্বত বিগত ১০ বছৰত দেশজুৰি যি উন্নয়নৰ লহৰৰ সূচনা হৈছে, সেয়া ১০ বছৰৰ পূৰ্বে অকল্পনীয় আছিল। বিকশিত ভাৰতৰ এই সংকল্প যাত্ৰা হৈছে এখন নতুন, শক্তিশালী, সমৃদ্ধিশালী আৰু সুস্থ-সবল ভাৰতৰ দিশত ‘মোদী কি গেৰাণ্টি’ৰ এক নিদৰ্শন। মাননীয় প্ৰধানমন্ত্ৰীৰ গতিশীল নেতৃত্বত সমগ্ৰ দেশৰ লগতে উত্তৰ-পূৰ্বাঞ্চল সৰ্বাংগীণ উন্নয়নৰ শক্তিকেন্দ্ৰ হৈ পৰিছে। ইতিমধ্যে বিশ্বৰ পঞ্চম বৃহৎ অৰ্থনীতিলৈ ৰূপান্তৰিত হোৱা আমাৰ ভাৰতবৰ্ষই ২০৩০ চনৰ ভিতৰত বিশ্বৰ শীৰ্ষ তিনিটা অৰ্থনীতিৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে। সকলো প্ৰত্যাহ্বান দূৰ কৰি উন্নয়ন, শাসন প্ৰক্ৰিয়াত স্বচ্ছতা আৰু সৰ্বস্তৰৰ ৰাইজৰ সবলীকৰণৰ এক নতুন দিগন্তৰ সূচনা কৰিবলৈ সক্ষম হৈছে। আমাৰ চৰকাৰে বিগত ১০ বছৰত ভাৰতৰ উন্নয়নৰ ৰূপৰেখা সলনি কৰি এক নৱজাগৰণৰ সৃষ্টি কৰিছে, যাৰ বাবে সৰ্বস্তৰৰ জনতাৰ আস্থা-বিশ্বাস মোদী চৰকাৰৰ ওপৰত পূৰ্ণোদ্যমে অটুট আছে। মাননীয় প্ৰধানমন্ত্ৰীগৰাকীয়ে কল্পনা কৰা অনুসৰি ২০৪৭ চনৰ ভিতৰত এখন আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ আমি সকলোৱে ঐক্যবদ্ধভাৱে কাম কৰি এখন বিকশিত ভাৰত গঢ়াৰ পণ লওঁ আহক।

সৰ্বস্তৰৰ ৰাইজে হিলদল ভাঙি বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰতি আগবঢ়োৱা অকুণ্ঠ সহযোগিতা, সমৰ্থন আৰু সঁহাৰিৰ বাবে সোণোৱালে জনতা জনাৰ্দনৰ প্ৰতি মূৰ দোঁৱাই গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে আৰু লগতে এই বিগত সময়ছোৱাত কৰা কঠোৰ পৰিশ্ৰম, সমৰ্পিত সেৱা আৰু দলৰ সাংগঠনিক সশক্তিকৰণৰ বাবে বিজেপিৰ কাৰ্যকৰ্তাসকলক বিশেষকৈ কৃতজ্ঞতা জ্ঞাপন কৰে।

আনহাতে বিৰোধীৰ নিৰ্বাচনী কাৰ্যকলাপ সন্দৰ্ভত তেখেতে কয়, “বিৰোধীয়ে দেশৰ হিতৰ বাবে শক্তিশালী ভূমিকা লোৱাত বিফল হৈছে। জনস্বাৰ্থ বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ বাবেই তেওঁলোকে জনতাৰ সমৰ্থন হেৰুৱাইছে। এতিয়া খবৰৰ শিৰোনামত থাকিবলৈ তেওঁলোকে হকে-বিহকে কিবা-কিবি কৈ থাকে, যাক ৰাইজে কোনো গুৰুত্বই নিদিয়ে। সমগ্ৰ দেশবাসীৰ লগতে অসমৰ জনগণো ৰাজনৈতিকভাৱে সজাগ আৰু সচেতন। সেয়ে শান্তি, সমৃদ্ধি আৰু প্ৰগতিৰ বাবে বিজেপি নেতৃত্বাধীন এনডিএ-ক ৰাইজে হিয়া উজাৰি সমৰ্থন দিছে।

আজি সৰ্বানন্দ সোণোৱালৰ সৈতে উপস্থিত থাকে বিজেপি অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতা, ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লু ৰঞ্জন শৰ্মা প্ৰমুখ্যে দলীয় বিষয়ববীয়াসকল আৰু কাৰ্যকৰ্তাসকল।

Leave A Reply

Your email address will not be published.