এন আৰ এলত সতৰ্কতা সজাগতা সপ্তাহ উদযাপন

0 318

নুমলীগড় ৰিফাইনেৰী লিমিটেডে স্বাধীন ভাৰত @ ৭৫: একতাৰে আত্ম নিৰ্ভৰ শীৰ্ষকেৰে যোৱা ২৬ অক্টোবৰ পৰা ১ নৱেম্বৰ লৈ সতৰ্কতা সজাগতা সপ্তাহ,২০২১ উদযাপন কৰে।এই উপলক্ষে এন আৰ এলৰ কৰ্মচাৰী সকলে নিজৰ নিজৰ কৰ্মস্থলীত সতৰ্কতা সজাগতা শপত গ্ৰহণ কৰি সতৰ্কতা সজাগতা সপ্তাহৰ শুভাৰম্ভ কৰে। ভাৰত চৰকাৰৰ সতৰ্কতা সজাগতা আয়োগ দ্বাৰা জাৰি কৰা নিৰ্দেশনা অনুসৰি এন আৰ এলৰ মুখ্য সতৰ্কতা বিষয়া ৰাজীৱ কুমাৰ গুপ্তা, আই এফ এছৰ মাৰ্গদৰ্শনত সতৰ্কতা সজাগতা সপ্তাহৰ সকলো কাৰ্যসূচী সফল ৰূপায়ন কৰা হয়।
এই উপলক্ষে ৰাজহুৱা জীৱনত সত্যনিষ্ঠা আৰু স্বচ্ছতা প্ৰতি দায়বদ্ধতা সম্বন্ধে সকলোকে সজাগ কৰাৰ উদ্দেশ্যে বিভিন্ন আন্ত: কোম্পানী আৰু বৰ্হি কোম্পানী কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।অন্ত: কোম্পানী কাৰ্যসূচী অনুসৰি পি আই জি পি আইৰ সতৰ্কতা আৰু সজাগতা শীৰ্ষকত এখন ৱেবিনাৰ অনুষ্ঠিত কৰা হয়।লগতে এন আৰ এলৰ কৰ্মচাৰী/চি আই এছ এফ জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্য সকলৰ মাজত কুইজ ,ৰচনা প্ৰতিযোগিতা, শ্লোগান প্ৰতিযোগিতা আদিও অনুষ্ঠিত কৰা হয়।
আনহাতে কোম্পানীৰ বাহিৰৰ ব্যক্তিসকলৰ বাবে কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।এই উপলক্ষে গোলাঘাট জিলাৰ ৪০ খন বিদ্যালয়, ডেৰগাঁও চহৰ,নুমলীগড় আৰু শিলিগুৰি স্থিত দিল্লী পাব্লিক স্কুলৰ প্ৰায় ৬০০ ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণৰে কুইজ প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতা, ৰচনা প্ৰতিযোগিতা,শ্লোগান প্ৰতিযোগিতা, পোষ্টাৰ নিৰ্মাণ প্ৰতিযোগিতা, আদি অনুষ্ঠিত কৰা হয়।আনহাতে দুৰ্নীতিৰ বিৰুদ্ধে জনসাধাৰণৰক সজাগ কৰিবলৈ গোলাঘাট জিলা খেল সংঘৰ সহযোগত গোলাঘাট চহৰত এক ৱাকাথ’ন অনুষ্ঠিত কৰা হয়।এই ৱাকাথ’নত প্ৰায় ১০০ গৰাকী যুৱ প্ৰতিভাই অংশগ্ৰহণ কৰে।লগতে সতৰ্কতা সজাগতা সপ্তাহ উপলক্ষে এন আৰ এলৰ প্ৰায় ৫৩ গৰাকী তালিকাভুক্ত ভেগুৰৰ অংশগ্ৰহণৰে ভেগুৰ মীট অনুষ্ঠিত হয়।এই ভেগুৰ মীটৰ এন আৰ এলৰ সন্দৰ্ভত ক্ৰয়ৰ ক্ষেত্ৰত প্ৰদৰ্শন বিক্রেতাৰ ভূমিকা আৰু সতৰ্কতা তন্ত্ৰৰ ওপৰত বিস্তৃত ভাৱে আলোচনা কৰা হয়।সতৰ্কতা সজাগতা সপ্তাহৰ সময়ছোৱাত দুৰ্নীতিৰ বেয়া প্ৰভাৱৰ সম্বন্ধে জনসাধাৰণৰক সজাগ কৰাৰ উদ্দেশ্যে নুমলীগড় নপথাৰ গাঁৱত এখন গ্ৰাম সভা অনুষ্ঠিত কৰা হয়।এই অনুষ্ঠানত প্ৰায় ৬০ গৰাকী লোকে অংশগ্ৰহণ কৰে।
১ নৱেম্বৰ তাৰিখে শোধনাগাৰ চৌহদত সতৰ্কতা সজাগতা সপ্তাহৰ সামৰণি অনুষ্ঠানত ডি জি এম প্ৰণিতা ডেকাই ভাষণ প্ৰদান কৰে।আনহাতে কোম্পানীৰ টোৰ চি ভি অ’ ৰাজীৱ কুমাৰ গুপ্তাই এক ভিডিঅ’ বার্তাৰ জৰিয়তে কোম্পানীৰ সকলো ব্যক্তিলৈ শুভেচ্ছা জ্ঞাপন কৰে। এই অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি সঞ্চালক ভাস্কৰ জ্যোতি ফুকনে আত্মনির্ভৰ আৰু অখণ্ডতাৰ ক্ষেত্ৰত অংশীদাৰীত্বৰ ওপৰত আলোচনা আগবঢ়াই।আনহাতে সঞ্চালক ইন্দ্রনীল মিত্ৰই অনুষ্ঠানত অংশগ্ৰহণ কৰি কাৰ্যসূচী সৌষ্ঠৱ বৃদ্ধি কৰে।তেওঁ বাণিজ্যিক লেনদেনত সুশাসন ব্যৱস্থা গুৰুত্বৰ ওপৰত বিস্তৃত আলোচনা আগবঢ়ায়।এই অনুষ্ঠানত এন আৰ এলৰ জেষ্ঠ বিষয়া সম্বম্বিতে প্ৰায় ৭০ গৰাকী কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.