গোলাঘাটৰ “বৰুৱা কচুপথাৰ হাইস্কুলত” পৰিবেশ অনুকুল দিপাৱলীৰ বাবে সজাগতা

0 285

গোলাঘাটৰ বৰুৱা কচুপথাৰ হাইস্কুলত “Eco and Youth Club” ৰ উদ্যোগত পৰিবেশ অনুকুল দিপাৱলী উদযাপনৰ বাবে ছাত্ৰ ছাত্ৰী সকলে সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে। প্ৰকৃতি প্ৰেমী গিৰিমল্লিকা শইকীয়াই ৰচনা আৰু পৰিচালনা কৰা “শব্দ আৰু ধোঁৱা” নামৰ সজাগতামূলক ছুটি নাটক খনৰ জৰিয়তে ছাত্ৰ ছাত্ৰী সকলে শব্দহীন,আলোকৰ বা আধ্যাত্মিক আৰু পৰিবেশ অনুকুল দিপাৱলী উদযাপনৰ বাবে সচেতনতা অনাৰ প্ৰয়াস কৰিছে। লগতে বিদ্যালয় খনৰ প্ৰধান শিক্ষক ধুব্ৰুজ্যোতি গগৈয়ে ভবিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ বাবে আমাৰ পৰিবেশ সুৰক্ষিত ৰখাৰ স্বাৰ্থত সকলোকে “পৰিবেশ অনুকূল দিপাৱলী উদযাপনৰ বাবে আহ্বান জনায়।
দিপাৱলী সমগ্ৰ ভাৰততে উদযাপন হোৱা পোহৰৰ এক পবিত্ৰ উৎসৱ। মহাকাব্যৰ যুগৰে পৰা আন্ধাৰৰ বিৰুদ্ধে পোহৰৰ অবিৰত সংগ্ৰামৰ প্ৰতীক হিচাপে ধৰ্মীয় ৰীতি নীতিৰ মাজেৰে এই উৎসৱ পালন কৰি অহা হৈছে। দুখৰ বিষয় অৰ্বাচীন কালত দেৱালী উৎসৱৰ আধ্যাত্মিকতাৰ অৱনমন ঘটি আলোকৰ উৎসৱৰ পৰিবৰ্তে শব্দ আৰু বায়ু প্ৰদূষণৰ উৎস হৈ পৰিছে।দেৱালীৰ নামত নিশা বিস্ফোৰক ব্যৱহাৰ কৰি বায়ু আৰু শব্দ প্ৰদূষণ কৰাৰ উপৰিও ৰাতি জিৰণি লোৱা চৰাই-চিৰিকটি পশু পক্ষীৰ জীৱন দুৰ্বিসহ কৰি তোলা হৈছে। নিশাচৰ পশু পক্ষীৰ জীয়াই থকাৰ অধিকাৰ শেষ কৰি পেলোৱা হৈছে। সেয়েহে দেৱালীৰ নামত হোৱা এনে বিস্ফোৰক ব্যৱহাৰৰ অপসংস্কৃতি সমাপ্ত কৰি পৰিবেশ অনুকুল দেৱালী পালনৰ বাবে ছাত্ৰ ছাত্ৰী সকলে “শব্দ আৰু ধোঁৱা” নামৰ ছুটি নাটক খনৰ জৰিয়তে বাৰ্তা দিব বিচাৰিছে।নাটকৰ দলটোৰ তত্বাৱধায়ক শিক্ষক মৃদুল শইকীয়াৰ মতে দিপাৱলী উৎসৱ আধ্যাত্মিক ভাৱে শব্দহীন পৰিবেশত পবিত্ৰতাৰ মাজেৰে অতীতত ভাৰতীয় সকলে যেনেকৈ উদযাপন কৰিছিল তেনেকৈ উদযাপন বাবে সকলোৱে প্ৰচেষ্টা চলোৱা উচিত।অভিনয়ৰ জৰিয়তে সমাজলৈ বাৰ্তা দিবলৈ প্ৰয়াস কৰা ছাত্ৰ ছাত্ৰী সকল হ’ল স্মাইলী শইকীয়া,মনময়ূৰী গগৈ,ভাস্কৰ গগৈ,উৎপল গগৈ ,প্ৰিয়ংকা গগৈ,লিজা শইকীয়া,কবিতা বৰা,ল‌‌‍ক্ষ্যজিত গগৈ, অভিজিত শইকীয়া, দিপজ্যোতি ৰাজখোৱা, বন্দিতা ঠেংগাল,হিমাংকু গোঁহাই।

Leave A Reply

Your email address will not be published.