বৰ্তমান সময়ত সংবাদ মাধ্যমৰ আত্ম বিশ্লেষনৰ প্রয়োজনীয়তা আহি পৰিছে কিয়নো আজিকালি একাংশ সংবাদ মাধ্যমে সত্যতা পৰ্যবেক্ষণ নকৰাকৈ সংবাদ পৰিবেশন কৰি আহিছে ।মানুহে নাচাই বুলি মই নেতিবাচক অথবা মছলাদায়ক খবৰ দিয়াটো উচিত নহয়, এই মন্তব্য বিশিষ্ট সাংবাদিক ,লেখিকা মাইনী মহন্তৰ । আজি মহানগৰীৰ নয়নপুৰস্থিত এন ই ফ’কাচৰ কাৰ্য্যালয় আৰু ষ্টুডিঅ’ শুভ উদ্বোধন কৰি সাংবাদিক গৰাকীয়ে কয় যে সংগীতা শইকীয়াই এন ই ফ’কাচ ডট কমৰ জৰিয়তে যি প্রচেষ্টা হাতত লৈ আহিছে মই মহিলা হিচাপে অত্যন্ত গৌৰৱ অনুভৱ কৰিছো ।মই এই মাধ্যমৰ ভৱিষ্যত আছে বুলি ভাবো।আনহাতে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট অধিবক্তা দীপক শৰ্মাই কয় যে যদিও এটা অনুষ্ঠান হঠাতে গঢ়লৈ বা সফল হৈ নুঠে তথাপি হতাশ নহৈ ধৈৰ্য্য আৰু একাগ্ৰতাৰে আগবাঢ়ি যোৱা উচিত।বিশিষ্ট বাতৰি পৰিবেশক বনদীপ গোস্বামীয়ে শুভেচ্ছা জনাই কয় যে দীৰ্ঘদিন ধৰি মই এন ই ফ’কাচ ডট কমৰ বাতৰি পঢ়ি খুবেই আপ্লুত হৈছো। কিয়নো ইয়াত তথ্য সমৃদ্ধ আৰু ইতিবাচক খবৰ প্রকাশ পায়। উল্লেখযোগ্য যে এন ই ফ’কাচ ৰ কিছুমান বাতৰি অচিৰেই ইউটিউৱ চেনেল যোগে সম্প্ৰচাৰিত হ’ব | অনুষ্ঠানত এন আৰ এলৰ প্রচাৰ সম্বন্বয়ক মধুচন্দা অধিকাৰী, জ্যেষ্ঠ সাংবাদিক অমল গুপ্তাকে আদি কৰি বহুকেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
Trending
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি