অসমৰ প্ৰথমটো ইতিবাচক খবৰৰ নিউজ পৰ্টেল এন ই ফ’কাচ ডট কমে ১৫ আগষ্টত ষষ্ঠ বৰ্ষত ভৰি দিব।এই বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি ১৩ আগষ্টত মহানগৰীৰ হোটেল বৰাক ৰেচিডেন্সিত অনুষ্ঠিত হয় এক অনুষ্ঠান।অনুষ্ঠানত এন ই ফ’কাচ গ্লৰী এৱাৰ্ডে বিভূষিত কৰে অসমৰ সমাজ, সংস্কৃতি জগতলৈ অভূতপূৰ্ব বৰঙণি আগবঢ়োৱা ৰাজ্যৰ ৫ গৰাকীকৈ ব্যক্তি ।সেই সকলৰ ভিতৰত অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক তথা বিশিষ্ট সমাজ সেৱক কুসুম কুমাৰ মহন্ত,বিশিষ্ট সমাজ কৰ্মী তথা উদ্যোগী দিলৱাৰ হুছেইন, বিশিষ্ট চিকিৎসক তথা সৰ্প দৰ্শনৰ সামাজিক কৰ্মকতা ডাঃ সুৰজিৎ গিৰি আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজকৰ্মী ড° দিব্যজ্যোতি শইকীয়া আৰু মহানগৰ জিলা পৰিবহন বিষয়া গৌতম দাস।আনহাতে এই অনুষ্ঠানতে মহানগৰ জিলা পৰিবহন বিষয়া হিমাংশু দাস,এন ই ফ’কাচ ডট কমৰ শিৱসাগৰৰ সাংবাদিক দিলিস্তান খান ,ছয়গাঁৱৰ সাংবাদিক জিতুমনি দাসক সম্বদ্ধনা জনায়। উল্লেখযোগ্য যে ১৫ আগষ্টত এন ই ফ’কাচ ডট কমে ৬ বছৰত ভৰি দিব ।যুৱ সাংবাদিক সংগীতা শইকীয়াই সম্পাদনাত চলি থকা এই পৰ্টেলটোৰ জৰিয়তে উদ্যমী সকলক এখন মঞ্চ দিবলৈ সক্ষম হৈছে। স্মৰ্তব্য যে এন ই ফ’কাচ ডট কমে মাজে সময়ে সামাজিক উৎকৰ্ষ সাধনৰ কৰ্মৰ লগত জৰিত হৈ আছে ।অনুষ্ঠানৰ আহ্বায়িকা তথা এন ই ফ’কাচ ডট কমৰ সম্পাদক সংগীতা শইকীয়াই কয় যে আগন্তুক দিনত এন ই ফ’কাচক আৰু প্ৰসাৰিত কৰাৰ চিন্তা চৰ্চা আছে।অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্কা দাস আৰু প্রিয়ংকা নাথে গীত পৰিবেশন কৰে।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram