ধেমাজি জিলাৰ  ডি এছ পি ডঃ ৰশ্মি ৰেখা শৰ্মালৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ বঁটা

0 258

অসম আৰক্ষী সেৱাৰ ২০১৩ বৰ্ষৰ  সুদক্ষ  আৰক্ষী বিষয়া  সম্প্ৰতি ধেমাজি জিলাৰ  উপ আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) হিচাপে কৰ্মৰত ডঃ ৰশ্মি ৰেখা শৰ্মাই নিজৰ কৰ্মদক্ষতা আৰু  কৰ্মপটুতাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰণালয়ৰ দ্বাৰা উচ্চ প্ৰসংশিত হোৱাৰ লগতে  “এক্সিলেন্স ইন ইনভেষ্টিগেছন “বঁটা ২০২১  লাভ কৰিবলৈ সক্ষম হৈছে।  অসম আৰক্ষীৰ এই গৰাকী নিষ্ঠৱান  সুদক্ষ  বিষয়াই শোণিতপুৰ জিলা আৰক্ষী বিভাগত  উপ আৰক্ষী অধীক্ষক হিচাবে কৰ্মৰত অৱস্থাত  জিলাখনত সংঘটিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ড। জিলাখনত সদৰ থানাৰ অন্তৰ্গত  কছাৰী গাঁওৰ  এংল’ ইণ্ডিয়ান বৃদ্ধ দম্পত্তিক  নিজা গৃহত অতি নৃশংস ভাবে হত্যা কৰিছিল অজ্ঞাত ঘাটকে।  মহিলা বৃদ্ধা গৰাকীৰ ডিঙি পৰ্যন্ত কাটি  দ্বৈত হত্যাকাণ্ড কৰা বৰ্বৰ ঘটনা সন্দৰ্ভত  তেজপুৰ সদৰ  থানাত পঞ্জীভূত এটা  গোচৰৰ ভিত্তিত ক্ষীপ্ৰতাৰে তদন্ত চলাইছিল তেতিয়া জিলাখনত কৰ্মৰত  উপ আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) ডঃ শৰ্মাই। ২০২০ বৰ্ষত সংঘটিত এই লোমহৰ্ষক হত্যাকাণ্ড সন্দৰ্ভত নিখুঁত আৰু তাৎক্ষণিক তদন্ত চলাই এই বৰ্বৰ হত্যাকাণ্ডৰ সতে জড়িত দুটা হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। 
শোণিতপুৰ জিলা আৰক্ষী বিভাগটোত কৰ্মৰত অৱস্থাত প্ৰদৰ্শন কৰা  উক্ত গোচৰৰ তদন্তৰ উৎকৃষ্ট পাৰদৰ্শিতাৰ বাবেই  কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে  বৰ্তমান ধেমাজি জিলাৰ উপ- আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়)  হিচাপে কৰ্মৰত ড° ৰশ্মিৰেখা শৰ্মাক ২০২১ বৰ্ষৰ এক্সচিলেঞ্জ ইন ইনভেষ্টিগেশ্বন (Excellence in Investigation ) বঁটাৰ বাবে নিৰ্বাচিত কৰিছে ।  যোৱা বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এই সন্দৰ্ভত অৱগত কৰিছে ডঃ শৰ্মাক।  অসম আৰক্ষীৰ এগৰাকী সুদক্ষ তদন্তকাৰী বিষয়া হিচাপে  কেন্দ্ৰীয় গৃহ বিভাগে প্ৰদান কৰা বিৰল স্বীকৃতিয়ে  উৎসাহিত কৰি তুলিছে ডঃ শৰ্মাৰ লগতে  শৰ্মাৰ আত্মীয় স্বজনক। উল্লেখ্য যে ডঃ ৰশ্মি ৰেখা শৰ্মাই ২০১০ চনত পোন প্ৰথম বাৰৰ বাবে অসম লোক সেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ আৱকাৰী বিভাগৰ উচ্চ পদত নিযুক্তি লাভ কৰিছিল ৷ বাস্তৱিকতে অসম আৰক্ষীৰ এগৰাকী নিষ্ঠাবান বিষয়া হোৱাৰ প্ৰচণ্ড হেঁপাহ মনত পুহি ৰখা ডঃ শৰ্মাই  দ্বিতীয় বাৰৰ বাবে ২০১৩ চনত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অবত্তীৰ্ণ হৈ  ইস্পিত উপ আৰক্ষী অধীক্ষক পদত  নিযুক্তি পাবলৈ সক্ষম হয় ন। ডঃ শৰ্মাই পৰৱৰ্তী সময়ত দৰং জিলাৰ উপ আৰক্ষী অধীক্ষক হিচাপে কৰ্ম জীৱনৰ পাতনি মেলি   ২০১৫ চনত মাকুমস্থিত  দ্বিতীয় অসম আৰক্ষী বেটেলিয়ানৰ সহকাৰী অধিনায়ক হিচাপে,  ২০১৬ চনত উত্তৰ লখিমপুৰ জিলা উপ আৰক্ষী অধীক্ষক ( মুখ্য কাৰ্যালয়)  হিচাপে ,  ২০১৯ চনত শোণিতপুৰ জিলাৰ উপ আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) হিচাপে আৰু ২০২১ চনৰ ৬ জুনত ধেমাজি জিলাত উপ আৰক্ষী অধীক্ষক( মুখ্য কাৰ্যালয়) হিচাপে যোগদান কৰি জন দায়বদ্ধ সেৱা আগবঢ়াই আহিছে।
গহপুৰ মহকুমাৰ  ধেনুধৰা গাঁৱৰ প্ৰবীণ শিক্ষাবিদ   দম্পত্তি  ফনীন্দ্ৰ শৰ্মা আৰু   বীনা দেৱী শৰ্মাৰ জ্যেষ্ঠ কন্যা  ডঃ ৰশ্মি ৰেখা শৰ্মাৰ স্বামী ৰাজীৱ শৰ্মা ওদালগুৰি জিলাৰ এগৰাকী সুপৰিচিত ,দক্ষ জ্যেষ্ঠ অধিবক্তা ।  বৈবাহিক সূত্ৰে ওদালগুৰি জিলাৰ বাসিন্দা  আৰক্ষী বিষয়া ডঃ শৰ্মাই লাভ কৰা এনে  কেন্দ্ৰীয় পৰ্যায়ৰ স্বীকৃতিয়ে ডঃ শৰ্মাৰ জন্মভূমি গহপুৰৰ লগতে ওদালগুৰি জিলাৰ আত্মীয় স্বজন আৰু শুভাকাংক্ষী সকলকো আনন্দিত কৰি তুলিছে।  সদা হাস্যমুখী , কৰ্মতৎপৰ ,সৎ  আৰু নিষ্ঠাবান  আৰক্ষী বিষয়া ডঃ শৰ্মালৈ এন ই ফ`কাচৰ তৰফৰ পৰাও জনালো  অলেখ শুভ কামনা।
বাতৰি যুগুতালে ঢকুৱাখনাৰ পৰা অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.