এন এফ ৰেলৱেৰ মালিগাঁওস্থিত সদৰ কাৰ্যালয়ৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন্দ্র ভট্টাচার্যক জনসম্পৰ্কৰক্ষী ক্ষেত্রখনলৈ আগবঢ়োৱা অৱদানৰ বাবে চেন্নাইৰ গ্ল’বেল হিউমেন পীচ ইউনিভাৰ্চিটিয়ে তেওঁলোকৰ অতি সম্মানীয় ড০ এ পি জে আব্দুল কালাম এক্সিলেন্স এৱাৰ্ড ২০২০ বঁটাৰে সন্মানিত কৰিছে।গুৱাহাটীৰ মালিগাঁৱৰ ৰং ভৱন প্ৰেক্ষাগৃহত ইউনিভাৰ্চিটিখনৰ উদ্যোগত অলপতে অনুষ্ঠিত গোলকীয় শান্তি সন্মিলনত নৃপেন্দ্র ভট্টাচার্যক এই বঁটা প্ৰদান কৰা হয়।বঁটা প্ৰদান কৰে নতুন দিল্লীৰ নয়ডা ফিল্ম চিটিৰ প্ৰতিষ্ঠাপক ড০ সন্দীপ মাৰোৱাই।অনুষ্ঠানত গ্ল’বেল হিউমেন পীচ ইউনিভাৰ্চিটিৰ উপাচার্য ড০ পি মেনুৱেল,গুৱাহাটীৰ সাংসদ কুইন ওজা,প্ৰাগ নিউজৰ মুখ্য পৰিচালন সঞ্চালক সঞ্জীব নাৰায়ণ,নিউজ পেপাৰ এছ’চিয়েছন অৱ ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ড০ বিপিন গৌৰ,ভাৰত স্কাউট এণ্ড গাইডৰ ৰাষ্ট্ৰীয় আয়ুক্ত ৰাজ কে পি সিনহা,মহাত্মা গান্ধী গ্ল’বেল পীচ ফ’ৰামৰ প্ৰতিষ্ঠাপক মনজিত সিনহাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি,কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ গুৱাহাটীস্থ কাৰ্যালয়ৰ কেবা গৰাকী উচ্চ পদস্থ বিষয়া উপস্থিত থাকে।অনুষ্ঠানত দেশৰ ভিন্ন প্ৰান্তৰ ২০ গৰাকী সাংবাদিক,জনসম্পৰ্কৰ দায়িত্বত থকা চৰকাৰী বিষয়াক এই সন্মানীয় বঁটা প্ৰদান কৰা হয়।উল্লেখ্য এই গোলকীয় শান্তি সন্মিলনত দেশৰ ২৬ খন ৰাজ্যৰ প্ৰতিনিধি উপস্থিত থাকে।
Trending
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান