ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী চমুকৈ এন চি চিৰ উত্তৰ পূব মণ্ডলৰ তদাৰকততাত আৰু গুৱাহাটী গ্ৰুপৰ অধীনৰ ৩০ আসাম ইঞ্জিনিয়াৰিং এন চি চি কোম্পানীৰ উদ্যোগত ৰঙিয়াস্থিত জবাহৰ নবোদয় বিদ্যালয় চৌহদত ২৯ মে’ৰ পৰা বাৰদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে এডভান্স লীডাৰশ্বিপ কেম্প।অহা ৯ জুনত সামৰণি পৰিবলগীয়া শিবিৰত অসমকে ধৰি উত্তৰ পূবৰ ৰাজ্যকেইখনৰ উপৰিও পশ্চিমবংগ ,বিহাৰ আৰু ঝাৰখণ্ডৰ এন চি চিৰ স্থল, নৌ আৰু বায়ু সেনাৰ ৩০০ ৰো অধিক কেডেটে ভাগ লৈছে । আনহাতে ২৯ মে’ত আৰম্ভ হোৱাৰ দিনাই শিবিৰ পৰিদৰ্শন কৰি কেডেট আৰু প্ৰশিক্ষক বিষয়া সকলৰ সৈতে মত- বিনিম়য় কৰে এন চি চিৰ উত্তৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান (এদিজি) মেজৰ জেনেৰেল গগনদ্বীপ সিঙে । মেজৰ জেনেৰেল সিঙে কেডেট সকলেৰ অভিবাদন গ্ৰহণ কৰাৰ পাছত এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত তেওঁ শিবিৰৰ লক্ষ্য, উদেশ্যৰ ওপৰত আলোকপাত কৰে আৰু নিষ্ঠাৰে প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত এন চি চিৰ গুৱাহাটী গ্ৰুপৰ গ্ৰুপ কমাণ্ডাৰ ব্ৰিগেডিয়াৰ দীনাৰ দীঘে ,৩০ আসাম ইঞ্জিনিয়াৰিং এন চি চি কোম্পানীৰ কমাণ্ডিং অফিচাৰ কৰ্ণেল পৱন কুমাৰকে ধৰি কেবাজনো সেনা বিষয়া , এচোছিয়েট এন চি চি বিষয়া ( এ এন অ ) উপস্থিত থাকে । উল্লেখ্য যে শিবিৰত কেডেট সকলক ৰাইফল চালনা,পেৰেড , যুদ্ধত শত্ৰুক পৰাজিত কৰাৰ কৌশল,বাধা বিঘিনী অতিক্ৰম কৰি শত্ৰুৰ নিদিষ্ট লক্ষ্যত আঘাট কৰা,দৌৰ,শাৰীৰিক অনুশীলন ,ক্ৰচ কান্ত্ৰী, সাংস্কৃতিক বিনিম়য় ,ব্যক্তিত্ব বিকাশ, আদি প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।
Trending
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta