বনমন্ত্ৰী পাটোৱাৰীয়ে অসম ৰাজ্যিক চিৰিয়াখানাত আনুষ্ঠানিকভাৱে মুকলি কৰে এটা জিৰাফ আৰু দুটা জেব্ৰা

0 200

অসম ৰাজ্যিক চিৰিয়াখানাত আজি আনুষ্ঠানিকভাৱে এটা জিৰাফ আৰু দুটা জেব্ৰা মুকলি কৰে পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।উল্লেখ্য যে ৫ বছৰীয়া মাইকী জিৰাফটো বিহাৰৰ পাটনা চিৰিয়াখানাৰ পৰা অনা হৈছে। বৰ্তমান ৰাজ্যিক চিৰিয়াখানাখনত জিৰাফৰ সংখ্যা দুটালৈ বৃদ্ধি পালে ।অন্যহাতে, কৰ্ণাটকৰ মহীশূৰৰ পৰা অনা মতা আৰু মাইকী জেব্ৰা দুটাৰ বয়স ক্ৰমে ১ আৰু ৩ বছৰ।

অনুষ্ঠানৰ অন্তত সাংবাদিকসকলৰ সৈতে হোৱা কথা-বতৰাত বনমন্ত্ৰী পাটোৱাৰীয়ে প্ৰায় ৩০ বছৰৰ মূৰত অসম ৰাজ্যিক চিৰিয়াখানালৈ নতুনকৈ জেব্ৰা অহাটো এক বিশেষ মুহুৰ্ত বুলি মন্তব্য কৰে।তেওঁ লগতে চিৰিয়াখানা কৰ্তৃপক্ষই এই জন্তুবোৰৰ ভালদৰে যত্ন ল’ব পাৰিব আৰু আগন্তুক দিনত জেব্ৰাৰ জনসংখ্যা বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰে।বনমন্ত্ৰী গৰাকীয়ে জেব্ৰা দুটাক জয় আৰু জয়া নামেৰে নামাকৰণ কৰে।একেদৰে চিৰিয়াখানা খনত ইতিমধ্যে থকা একমাত্ৰ মতা জিৰাফৰ লগতে নতুনকৈ অনা মাইকী জিৰাফটোৱে পৰ্যটকৰ আকৰ্ষণ বৃদ্ধি কৰিব আৰু ৰাজ্যিক চিৰিয়াখানাত জিৰাফৰ জনসংখ্যাও বৃদ্ধি পাব বুলি মন্ত্ৰী গৰাকীয়ে আশা প্ৰকাশ কৰে। তেওঁ জিৰাফকেইটাৰ নাম বিজয় আৰু বিজয়া বুলি অৱগত কৰে।

তেওঁ লগতে জনায় যে চিৰিয়াখানাখনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু ইয়াৰ পুনৰ নিৰ্মাণৰ বাবে প্ৰাককলন প্ৰস্তুত কৰি থকা হৈছে। শেহতীয়াকৈ
চিৰিয়াখানালৈ পৰ্যটকৰ আগমনও যথেষ্ট বৃদ্ধি পাইছে বুলি জনাই মন্ত্ৰীগৰাকীয়ে চিৰিয়াখানালৈ অহা দৰ্শনাৰ্থী সকলৰ
সুবিধাসমূহৰ উন্নয়নৰ লগতে জীৱ-জন্তু ৰখাৰ ব্যৱস্থা উন্নত কৰাৰ বাবে পৰিকল্পনা কৰা হৈছে বুলি জানিবলৈ দিয়ে।

আজিৰ অনুষ্ঠানত প্ৰধান মুখ্য বন সংৰক্ষক এম.কে. যাদৱ,
অসম ৰাজ্যিক চিৰিয়াখানাৰ বিভাগীয় বন বিষয়া অশ্বিনী কুমাৰ প্ৰমুখ্যে অন্য বিষয় ববীয়াসকল উপস্থিত থাকে ।

Leave A Reply

Your email address will not be published.