ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী চমুকৈ এন চি চি দিৱসৰ লগত সংগতি ৰাখি এন চি চিৰ বায়ু শাখাৰ গুৱাহাটীস্থিত ৫০ আসাম এয়াৰ স্কোৱাদ্রণ এন চি চি ইউনিটৰ কেডেট সকলে ২৭ নৱেম্বৰত গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত থকা যুদ্ধ স্মাৰকত দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ সৈনিক সকলক সোঁৱৰণ কৰে।এই উপলক্ষে ৫০ আসাম এয়াৰ স্কোৱাদ্রণ এন চি চি ইউনিটৰ কমাণ্ডিং অফিচাৰ উয়ং কমাণ্ডাৰ হুভে উপাধ্যায়ৰ নেতৃত্বত প্ৰায় ৫০জন কেডেটে যুদ্ধ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰে।যি স্মাৰক ক্ষেত্ৰ যুদ্ধৰ সময়ত দেশৰ বাবে প্ৰাণ উৎসৰ্গা কৰা সেই মহান সৈনিকসকলৰ স্মৃতিত নিৰ্মাণ কৰা হৈছিল।সৈনিক সকলৰ সেই মহান বলিদানক সন্মান জনোৱাৰ বাবে কেডেট সকলে অমৰ জোৱান জ্যোতিত শ্ৰদ্ধা নিবেদন কৰে।ইয়াৰ উপৰিও মহান সৈনিক সকলক সোঁৱৰণ কৰাৰ বাবে এক বিশেষ অনুষ্ঠানৰো আয়োজন কৰা হয়।
Trending
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন
- মালিগাঁৱত ৰে’লৱেৰ এছচি আৰু এছ টি এম্পলয়িজ এছ’চিয়েচনৰ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি
- মিডিয়া এছ’চিয়েছন, অসমৰ উদ্যোগত মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী পালন