ই ডি আইৰ উদ্যোগত থলুৱা শিপিনীক উৎসাহিত কৰাৰ বাবে শুৱালকুছিৰ ৰাস মহোৎসৱত হস্ততাত আৰু বস্ত্ৰশিল্পৰ বিপনী

0 126

ৰাজ্যৰ থলুৱা অসমীয়া শিপিনী সকলে নিজ হাতে তাতশালত উৎপাদন কৰা কাপোৰৰ বাবে এখন উপযুক্ত বজাৰ লাভ কৰে আৰু শিপিনী সকলৰ দক্ষতা বৃদ্ধিৰ বাবে এণ্টাৰপ্ৰিনাৰ্শিপ ডেভলপমেণ্ট অফ ইণ্ডিয়াই ( ই ডি আই) হেণ্ড মেড ইণ্ডিয়া( এইছ এম আই ) প্ৰকল্পৰ অধীনত প্ৰশিক্ষণ , গুৰুত্বপুৰ্ণ স্থানত বিপনী স্থাপনকে ধৰি বিগত সময়ছোৱাত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। এই কাৰ্যসূচীৰ অংশ হিচাপে গুৱাহাটীৰ কাষৰীয়া অঞ্চল অাৰু অসমৰ মানচেষ্টাৰ স্বৰূপ শুৱালকুছিত ২৭ নবেম্বৰৰ পৰা আৰম্ভ হোৱা পৱিত্ৰ ৰাস মহোৎসৱত শিপিনী সকলৰ উৎপাদিত হস্ততাত আৰু বস্ৰশিল্প সামগ্ৰীৰ বিক্ৰীৰ লগতে প্ৰদৰ্শনীৰ বাবে কামৰূপ জিলাৰ হাজো আৰু শুৱালকুছি অঞ্চলৰ মহিলা উৎপাদিত গোটৰ বাৰখনকৈ বিপনীৰ ব্যৱস্থা কৰিছে। ২৮ নবেম্বৰত এই বিপনী সমূহ উদ্ধোধন কৰে অসম চৰকাৰৰ হস্ততাত আৰু বস্ৰশিল্প বিভাগৰ সহকাৰী সঞ্চালক নিশিকান্ত শৰ্মাই। এই উপলক্ষে হস্ততাত আৰু বস্ৰশিল্পৰ উন্নয়নৰ হকে কাম কৰি অহা অনা চৰকাৰী সংগঠন আভা ক্রিয়েছনৰ সঞ্চালক অৰূপ কুমাৰ বৈশ্যই আঁত ধৰা চমু অনুষ্ঠানত নিশিকান্ত শৰ্মাই বস্রনগৰী হিচাপে বিশ্ববিখ্যাত শুৱালকুছিত ৰাস মহোৎসৱত এনে ধৰণৰ বিপনী স্থাপন কৰি শিপিনী সকলৰ উৎপাদিত সামগ্ৰীক বিশ্বৰ দৰবাৰলৈ নিয়াত সুবিধা কৰি দিয়াৰ বাবে ই ডি আইৰ শলাগ লয়। অনুষ্ঠানত ই ডি আইৰ সহকাৰী ফেকাল্টি ডঃ ৰিংকু দাসে চমু ভাষণত তেওঁলোকে অসমৰ গ্ৰামাঞ্চলৰ শিপিনী সকলক পাৱাৰলুমৰ সৈতে ফেৰ মাৰিবলৈ দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষণত অধিক গুৰুত্ব প্ৰদান কৰি আহিছে বুলি ব্যক্ত কৰে। অনুষ্ঠানত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ খণ্ড প্ৰকল্প প্ৰবন্ধক সৌৰভ দাস, ই ডি আইৰ সহকাৰী ফেকাল্টি ডঃ ভাস্কৰ সন্তকে ধৰি কেবাজনো বিশিষ্ট ব্যক্তি , ৰাস মহোৎসৱ সমিতিৰ কেবাজনো কৰ্মকৰ্তা উপস্থিত থাকে। উল্লেখ্য যে এই বিপনী সমূহ অহা ৭ ডিচেম্বৰৰ দিনা ৰাস মহোৎসৱৰ সামৰণিলৈকে চলি থাকিব বুলি আভা ক্রিয়েছনৰ সঞ্চালক অৰূপ কুমাৰ বৈশ্যই জানিবলৈ দিছে।

Leave A Reply

Your email address will not be published.