ৰাষ্ট্ৰীয় জেনেৰিক দস্তাবেজ পঞ্জীকৰণ প্ৰণালী চমুকৈ এন জি ডি আৰ এছৰ অসমত ৰূপায়ন সন্দৰ্ভত অধ্যয়ন কৰিবলৈ গুজৰাট চৰকাৰৰ পঞ্জীকৰণ বিভাগৰ ছজনীয়া বিষয়াৰ এটি দল যোৱা ২৬ মে’ত ৰাজ্যখনত উপস্থিত হয়। গুজৰাট চৰকাৰৰ এই ছজনীয়া চৰকাৰী বিষয়াৰ দলটোত আছিল আৰ ডি ভট্ট, বি এছ বাৰাড, সন্দীপ ছাৱানী , মহেন্দ্ৰ চৌধুৰী , সতীশ কলাথিয়া আৰু হাৰ্দিক পেটেল। গুজৰাট চৰকাৰৰ ছজনীয়া বিষয়াৰ প্ৰতিনিধি দলটোৱে যোৱা ২৯ মে’ত অসম চৰকাৰৰ মুখ্য সচিব ডঃ ৰবি কোটাক সৌজন্যমূলক সাক্ষাৎ কৰি অসমৰ সৈতে সম্পৰ্ক ৰাখি গুজৰাটত ৰাষ্ট্ৰীয় জেনেৰিক দস্তাবেজ পঞ্জীকৰণ প্ৰণালী ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰে। এই আলোচনাত অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ প্ৰধান সচিব জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠীও উপস্থিত আছিল। ইয়াৰ পূৰ্বে গুজৰাটৰ ছজনীয়া চৰকাৰী বিষয়াৰ দলটোৱে ক্ৰমে কামৰূপ মহানগৰ আৰু আমিনগাঁওস্থিত কামৰূপৰ উপ-পঞ্জীয়ন কাৰ্যালয়ৰ লগতে জ্যেষ্ঠ উপ-পঞ্জীয়নৰ কাৰ্যালয়ত উপস্থিত হৈ ৰাষ্ট্ৰীয় জেনেৰিক দস্তাবেজ পঞ্জীকৰণ প্ৰণালীৰ কাম-কাজ প্ৰত্যক্ষভাৱে তদাৰক কৰে। তদুপৰি অসম চৰকাৰৰ দুৰ্যোগ প্ৰশমন বিভাগ আৰু এন আই চি ৰ পৰা গুজৰাট চৰকাৰৰ বিষয়াৰ দলটোক অসমত এন জি ডি আৰ এছ ৰূপায়ন সন্দৰ্ভত এক বিস্তৃত প্ৰতিবেদন প্ৰদৰ্শন কৰা হয়। ইপিনে, পাঁচ দিনীয়া চৰকাৰী অধ্যয়ন সামৰি সংশ্লিষ্ট ছজনীয়া বিষয়াৰ দলটোৱে আজি অসম এৰি গুজৰাট অভিমুখে ৰাওনা হয়। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে চলিত বৰ্ষৰ যোৱা ১৪ ফ্ৰেব্ৰুৱাৰীত ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ ভূমি সম্পদ বিভাগৰ তদানীন্তন সচিব নীতিন খাড়েৰ উপস্থিতত অসমত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় জেনেৰিক দস্তাবেজ পঞ্জীকৰণ প্ৰণালী ৰূপায়নৰ শুভাৰম্ভ কৰা হৈছিল।
Trending
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন