ঔদ্যোগিক নীতিৰ অধীনত অধিক লাভান্বিত হ’ব পৰ্যটন খণ্ড

0 158

অসম চৰকাৰৰ সাপ্তাহিক কেবিনেটে আজি অসমৰ পৰ্যটন খণ্ডক উদ্যোগৰ মৰ্যাদা প্ৰদানৰ বাবে অনুমোদন জনায়। এই অনুমোদনে ৰাজ্যিক ঔদ্যোগিক নীতিৰ উৎসাহজনক লাভ অৰ্জন কৰিবলৈ পৰ্যটন খণ্ডৰ অধীনৰ গোটবোৰক গুৰুত্বপূৰ্ণ ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰাৰ মূল দুৱাৰ মুকলি কৰে। অৱশ্যে, পূৰ্বতেও থ্ৰী ষ্টাৰ হোটেল তথা ৰিজৰ্ট আৰু নদী পৰিভ্ৰমণসমূহ অসম ঔদ্যোগিক নীতিৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ অধীনত অন্তৰ্ভুক্ত আছিল যদিও ঔদ্যোগিক নীতিৰ মুখ্য ক্ষেত্ৰসমূহত আন কেইবাটাও নতুন পৰ্যটন গোট, যেনে হেৰিটেজ হোটেল, বাংলো, কেম্পিং চাইট, ৰেষ্টুৰেণ্ট, বিনোদন পাৰ্ক, ৰ’পৱে, সংগ্ৰহালয়, ট্যুৰ অপাৰেটৰ সেৱা, দুঃসাহসিক উদ্যান, পানী ক্ৰীড়া আদিও অন্তৰ্ভুক্ত কৰা হ’ব। ই সামগ্ৰিকভাৱে পৰ্যটন গোট আৰু খণ্ডক অসমৰ বিনিয়োগ আৰু ঔদ্যোগিক নীতিৰ অধীনত উপলব্ধ লাভালাভ প্ৰাপ্ত কৰাত উৎসাহিত কৰিব, যিয়ে অসমৰ পৰ্যটন খণ্ডৰ বিকাশত যথাযথ গতি প্ৰদান কৰিব।

সংবাদ মাধ্যমক অৱগত কৰি পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে, অসমত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ বাবে পৰ্যটন কেন্দ্ৰ হোৱাৰ যথেষ্ট সম্ভাৱনা আছে আৰু ই ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি)ত মুখ্য অৱদানকাৰীৰূপে পৰিগণিত হ’ব। পৰ্যটন খণ্ডক প্ৰদান কৰা উদ্যোগৰ মৰ্যাদাই ৰাজ্যখনৰ পৰ্যটন-আধাৰিত অৰ্থনীতিৰ বিকাশত এক দৃষ্টান্তমূলক পৰিৱৰ্তন আনিব।

লগতে মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, প্ৰাপ্ত নতুন মৰ্যাদাৰ বাবে পৰ্যটন খণ্ডই যথেষ্ট পৰিমাণৰ ব্যক্তিগত বিনিয়োগ লাভ কৰিব, যি বিনিয়োগকাৰীসকলৰ বাবে উদ্যোগ নীতি অনুসৰি উদগনি, ৰাজসাহাৰ্য, পৰিশোধ আদিৰ সুবিধা প্ৰদান কৰিব আৰু এই বিনিয়োগকাৰীসকলে নতুন নিযুক্তিৰ সুযোগ সৃষ্টি কৰিবলৈ সক্ষম হ’ব । তেওঁ লগতে উল্লেখ কৰে যে, ৰাজহুৱা ব্যক্তিগত অংশীদাৰীত্ব (পি.পি.পি) পদ্ধতিৰ জৰিয়তে আন্তঃগাঁথনি বিকশিত হ’ব, যি এটা অঞ্চলৰ সামগ্ৰিক বিকাশত যথেষ্ট অৰিহণা যোগাব।এই নীতিৰ লক্ষ্য হৈছে, মূলধন গঠন আৰু লাভজনক নিযুক্তি সৃষ্টিৰ জৰিয়তে বহনক্ষম পৰিৱেশ অনুকূল বিনিয়োগ কৰা।

Leave A Reply

Your email address will not be published.