অইল ইণ্ডিয়া লিমিটেডৰ সৌজন্যত অইলৰ গ্রীন এম্বেছাডৰ তথা পদ্মশ্রী ড° যাদৱ পায়েঙৰ দ্বাৰা যোৰহাট ককিলামুখৰ একলং মিচিং গাঁৱত গছপুলি ৰোপণৰ এক কার্যসূচী ৰূপায়ণ কৰা হয়৷ যোৱা ১৮ আগষ্টত ৰূপায়িত এই কার্যসূচীত পদ্মশ্রী যাদৱ পায়েঙৰ সৈতে গাঁওখনৰ এজাক শিশু কিশোৰেও অংশগ্রহণ কৰে৷ উল্লেখ্য যে অৰণ্য মানৱ যাদৱ পায়েঙৰ গৃহভূমি যোৰহাটৰ ককিলামুখৰ একলং গাঁৱত থকা তেওঁৰ বাসগৃহটো পর্যটনৰ দৃষ্টিকোণৰ পৰা বিশেষ স্থান হিচাপে পৰিগণিত হৈছে৷ ইয়ালৈ দেশী বিদেশী পর্যটকৰ আগমন ঘটে আৰু যাদৱ পায়েঙৰ সৃষ্ট অৰণ্যৰাজি চাবলৈ উৎসুকতা প্রকাশ কৰে৷ তেওঁৰ গৃহ পথছোৱাতে প্রধানকৈ কেইবাবিধ ফলমূলৰ গছপুলি ৰোপণ কৰা হয়৷উক্ত অনুষ্ঠানত উপস্থিত থাকে মহাপ্রবন্ধক (পাইপলাইন অপাৰেচন), পি ভি ৰমনা মূর্তি, মহাপ্রবন্ধক (টেলিকম পাইপলাইন) নীলিমজ্যোতি বুঢ়াগোহাঁই উপ–মহাপ্রবন্ধক (চি এছ আৰ চি চি) দেৱাশিস বৰা আৰু ত্রিদীৱ হাজৰিকা, জ্যেষ্ঠ প্রবন্ধক জয়ন্ত বৰমুদৈ আৰু ৰিংকু বৰা৷ অইল ইণ্ডিয়াৰ দুলীয়াজান আৰু যোৰহাটৰ বিষয়ববীয়াসকলৰ উপস্থিতিতে পদ্মশ্রী ড° যাদৱ পায়েঙে অইল ইণ্ডিয়াৰ সেউজীয়া বনানীকৰণৰ উদ্যোগৰ প্রতি শলাগ জ্ঞাপন কৰা লগতে কয় যে বনানীকৰণে কার্বন নির্গমনৰ বিৰুদ্ধে বিশ্বজুৰি চলি থকা আন্দোলনত এক গতি প্রদান কৰিব৷ইফালে অইলেও আগলৈও দীর্ঘম্যাদী উন্নয়নৰ বাবে এইধৰণৰ বিভিন্ন পৰিৱেশ সজাগতামূলক কার্যসূচী যৌথভাৱে আগবঢ়াই যাব বুলি জানিবলৈ দিয়ে অইলৰ মুখপাত্র ত্রিদীৱ হাজৰিকাই৷
Trending
- প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জহামাল উদ্ধাৰ
- প্ৰতিকূল বতৰকো নেওচি সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক-ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- পল্টন বজাৰত বহুভাষিক কাব্য সন্ধ্যা অনুষ্ঠিত
- Dr. Buljit Buragohain at the Annual Lecture Program of the Department of Education B Borooah College
- কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
- এইচ ডি এফ চি বেংকে সমগ্ৰ ভাৰতত ৬০ টা বেংকিং আউটলেট উদ্বোধন
- কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ
- বিশ্ব কবিতা দিৱসত কবিতাৰ বৰষুণ
- গুৱহাটীত দুখন আই পি এল মেচ খেলিব ৰাজস্থান ৰয়েলছে- নিশ্চিত কৰিলে দলৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে
- জিএন আৰ চি হাস্পাতালত বিশ্ব মগজুৰ আঘাত সংক্ৰান্তীয় সজাগতা দিৱস পালন