ঐতিহ্য আৰু আধুনিকতাৰ সংমিশ্ৰণেৰে আউনীআটী বিশ্ববিদ্যালয় স্থাপনৰ প্ৰস্তুতি

0 243

ঐতিহাসিক শ্ৰীশ্ৰী আউনীআটী সত্ৰই এখন বিশ্বমুখী বিশ্ববিদ্যালয় স্থাপনৰ যো-জা চলাইছে‌।ভাৰত চৰকাৰৰ নতুন শিক্ষা নীতিৰ আধাৰত ঐতিহ্য আৰু আধুনিকতাৰ দৃষ্টিৰে সত্ৰই স্থাপন কৰিবলৈ লৈছে আউনীআটী বিশ্ববিদ্যালয়ে। ইতিমধ্যে প্ৰস্তাৱিত বিশ্ববিদ্যালয়খনি স্থাপনৰ অনুমতি তথা প্ৰাৰম্ভিক কাম কাজ আৰম্ভ হৈছে।এই সন্দৰ্ভত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পিতাম্বৰ দেৱগোস্বামীয়ে এক সংবাদ মেল সম্বোধন কৰি মূলতঃ প্ৰাচীন ভাষা, স্থাপত্য, ভাস্কৰ্য ভেজষ বিদ্যা, চিকিৎসা বিদ্যা,বিজ্ঞান, প্ৰযুক্তি, জ্যোতিষ আৰু জ্যোতি বিজ্ঞান, অলংকাৰ শাস্ত্ৰ আদি বিষয়সমূহৰ অধ্যয়ন আৰু গৱেষণাৰ বিষয়সমূহ সন্নিবিষ্ট কৰি সমাজৰ পৰা হেৰাই যাব খোজা অথচ জীৱকুলৰ বাবে অতি প্ৰয়োজনীয় বিষয়ত ছাত্ৰ ছাত্ৰীক জ্ঞান দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি জানিবলৈ দিছে।লগতে আচাৰ্যৰ কাৰ্যালয় সত্ৰনগৰী মাজুলীত হ’ব আৰু উপাচাৰ্য , পঞ্জীয়কৰ কাৰ্যালয় সমন্বিতে বিভিন্ন বিভাগৰ শ্ৰেণীকক্ষ, আলোচনা কক্ষ, পুথিভঁৰাল আদি স্থাপন কৰা হ’ব টীয়কৰ কলীয়াপানীস্থিত শাখা সত্ৰত।লগতে গুৱাহাটী, ডিব্ৰুগড় আৰু নিৰ্দিষ্ট কৰি ল’ব পৰা সুলভ স্থানত বিভিন্ন বিষয়ৰ বিভাগ প্ৰতিষ্ঠা কৰাৰো প্ৰাককলন প্ৰস্তুত কৰিছে। ইতিমধ্যে অসম চৰকাৰৰ অনুমোদনত আশাব্যঞ্জক সহাঁৰি লাভ কৰা বুলি কৈ সত্ৰাধিকাৰ ড°পিতাম্বৰ দেৱগোস্বামীয়ে কয় যে যদিও আউনীআটী সত্ৰৰ বেনাৰত এই বিশ্ববিদ্যালয় স্থাপন হ’ব, কিন্তু এইক্ষেত্ৰত ৰাইজৰ সহযোগিতা অতি প্ৰয়োজনীয়। মূলতঃ আন্ত:গাঠনিৰ পৰা পুৰ্ণাংগ ৰূপ দিয়ালৈকে ৰাইজৰ সহযোগিতা আৰু আৰ্থিক অনুদান সত্ৰ কৰ্তৃপক্ষৰ বাবে মুখ্য সম্বল।ইতিমধ্যে AUNIATI EDUCATION AND SOCIO CULTUREDEVOLPOMENT TRUST তৈয়াৰ কৰি ৰাইজৰ সহযোগিতা কামনা কৰিছে।কোনো লোকে প্ৰস্তাৱিত বিশ্ববিদ্যালয়লৈ বৰঙণি আগবঢ়াব বিচাৰিলে ভাৰতীয় ষ্টেত বেংক, কমলাবাৰী শাখা , মাজুলী ঠিকনাৰ 38324881842 নম্বৰৰ একাউণ্টত জম কৰিব পাৰিব।এইক্ষেত্ৰত জানিব বিচাৰিলে 7002407442 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।
বাতৰি যুগুতালে টীয়কৰ পৰা উৎপল খাউণ্ডে

Leave A Reply

Your email address will not be published.