গোলাঘাট জিলাৰ তেলগৰম ৰঙ্গমঞ্চত সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে শিল্পী আইদেউ সন্দিকৈ সোঁৱৰণী বঁটা প্ৰদান কৰে প্ৰবীণ কণ্ঠশিল্পী ড°অনিমা চৌধুৰীক।শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰতিখন জিলাৰ লেখিকা সমাৰোহ সমিতিৰ পাঁচ শতাধিক প্ৰতিনিধি তথা বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত সমিতিৰ ২০২২ বৰ্ষৰ ৰাজ্যিক বঁটা বৰেণ্য শিল্পী ড° অনিমা চৌধুৰীক প্ৰদান কৰা হয় ।তেলগৰম জাগৃতি লেখিকা সমাৰোহ সমিতিৰ সহযোগত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আগবঢ়োৱা এই বঁটাত আছে অংগবস্ত্ৰ,গামোচা,চেলেং,জাপি, স্মাৰক,শৰাই আৰু নগদ ধনৰ টোপোলা। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভাপতি সুবৰ্ণ শইকীয়া বৰদলৈৰ সঞ্চালনাত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত তেজপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° চাৰু চহৰীয়া নাথ, স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয় যোৰহাটৰ প্ৰাক্তন অধ্যক্ষ বিনীতা দত্ত, জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপক ড° জ্যোতিৰেখা শইকীয়াৰ লগতে বহুকেইগৰাকী শিল্পী, সাহিত্যিক,সাধাৰণ ৰাইজ উপস্থিত থাকে৷
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি