ক’ভিডৰ মাজতে ৪ যুৱকৰ প্ৰশংসনীয় পদক্ষেপ

0 257

আজিও পৃথিৱীত এনে মানুহ আছে‌ যিসকল মানুহে সমাজৰ বাবে কাম কৰি ভালপায়। বৰ্তমান ৰাজ্যত ক’ভিডে ভয়ানক পৰিৱেশৰ সৃষ্টি কৰিছে। ক’ভিডৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নৈশ কাৰ্ফিউৰ নিচিনা বন্ধ দিবলৈ চৰকাৰ‌ প্ৰশাসন বাধ্য হৈছিল। তাৰ ফলস্বৰূপে বন্ধ হৈ পৰিছিল শিক্ষাৰ্থীসকলৰ পাঠগ্ৰহণ। এইসময়তে বৰহোলাৰ কেইজনমান যুৱকে নিজা প্ৰচেষ্টাত এটা এপ প্ৰস্তুত কৰিছে। এপটোৰ নাম “জ্ঞান পাণ্ডা”। সেই যুৱক কেইজনে এপটোৰ জৰিয়তে দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলক ইংৰাজী, ইংৰাজী ব্যাকৰণ, গণিত, উচ্চ গণিত আৰু বিজ্ঞান বিষয়ৰ সম্পূৰ্ণ ভিডিঅ’ ক্লাছ, নোটচ আৰু প্ৰশ্ন উত্তৰ আগবঢ়াই ঘৰতে পাঠগ্ৰহণৰ সুবিধা কৰি দিছে। তদুপৰি নৱম শ্ৰেণীৰ ইংৰাজী ব্যাকৰণ, দ্বাদশ শ্ৰেণীৰ গণিত আৰু ইংৰাজী আদি বিষয়ো সকলো ছাত্ৰ-ছাত্ৰী সকলৰ সুবিধা হোৱাকৈ আগবঢ়াইছে। উল্লেখযোগ্য যে পূৰ্বে আটাইকেইটা বিষয়ৰ পাঠগ্ৰহণৰ বিনিময়ত নূন্যতম মূল্য লোৱা হৈছিল যদিও বৰ্তমান ক’ৰণা ভাইৰাছক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এই পৰিস্থিতিৰ বাবে দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক গণিত, বিজ্ঞান আৰু উচ্চ গণিতৰ ভিডিঅ’ ক্লাছ এটা মাহ সম্পূৰ্ণক বিনামূলীয়াকৈ পাঠগ্ৰহণৰ সুবিধা দিছে। এই এপটোৰ লগত জড়িত হৈ আছে তিতাবৰৰ যুৱক ভাস্কৰজ্যোতি দত্ত, দিবাকৰ দত্ত, প্ৰভাকৰ দত্ত আৰু শিৱসাগৰৰ মানস বৰুৱা।
এই সম্পৰ্কত শিক্ষিত যুৱককেইজনে‌ কয় যে ছাত্ৰ-ছাত্ৰীসকলৰ টিউচন লবৰ বাবে প্ৰায়েই শিক্ষকৰ অভাৱ হোৱা দেখা যায়। আৰু বহু ক্ষেত্ৰত আৰ্থিক অসুবিধাৰ বাবে উপযুক্ত টিউচন যোগাৰ কৰিব নোৱাৰে। এনে পৰিপ্ৰেক্ষিতত এই এপৰ জৰিয়তে শিক্ষা গ্ৰহণৰ সুবিধা দিবলৈ ব্যৱস্থা কৰা হৈছে। অভিজ্ঞ শিক্ষকৰ দ্বাৰা গুণগত শিক্ষাদান দিয়াই তেওঁ লোকৰ প্ৰধান উদ্দেশ্য বুলি যুৱককেইজনে ব্যক্ত কৰে যুৱককেইজনে। শিক্ষিত যুৱককেইজনৰ এই প্ৰচেষ্টাত সকলোৱে প্ৰশংসা কৰিছে।

Leave A Reply

Your email address will not be published.