মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে ক’ভিড পৰিস্থিতিৰ সন্দৰ্ভত পৰ্যালোচনা

0 287

মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই আজি মুখ্যমন্ত্ৰীৰ সভাকক্ষত জিলাসমূহৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক সকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে অনুষ্ঠিত বৈঠকত ৰাজ্যৰ শেহতীয়া ক’ভিড পৰিস্থিতিৰ বিতং পৰ্যালোচনা কৰে।
বৈঠকত মুখামন্ত্ৰীয়ে গভীৰ নিশা পৰ্যন্ত সংকটজনক ক’ভিড ৰোগীসকলক উপযুক্ত চিকিৎসা সেৱা আগবঢ়োৱাটো সুনিশ্চিত কৰাৰ স্বাৰ্থত নিয়মীয়াকৈ জিলা চিকিৎসালয়সমূহ পৰিদৰ্শন কৰিবলৈ উপায়ুক্তসকলক নিৰ্দেশ দিয়ে। টীকাকৰণ কাৰ্যসূচী সূচাৰুৰূপে চলাই নিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীয়ে প্ৰতিখন জিলাতে একোগৰাকী অতিৰিক্ত উপায়ুক্তক টীকাকৰণ কেন্দ্ৰসমূহৰ দায়িত্ব ন্যস্ত কৰিবলৈ আজিৰ বৈঠকতে নিৰ্দেশ দিয়ে। ক’ভিড টীকাকৰণ কেন্দ্ৰসমূহত যাতে সামাজিক ব্যৱধান তথা শৃংখলা অটুট থাকে তাৰ বাবে থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলক প্রতিদিনে এই কেন্দ্ৰসমূহ পৰিদৰ্শনৰ পদক্ষেপ ল’বলৈও মুখ্যমন্ত্ৰীয়ে আৰক্ষী অধীক্ষকসকলক নিৰ্দেশ দিয়ে। ক’ভিড সংক্ৰমণ প্রতিৰোধ কৰাৰ বাবে জিলাসমূহত বৰ্তমানে ঘোষণা কৰা কণ্টেইনমেণ্ট জ’নসমূহত ইতিমধ্যে জাৰি কৰা বাধা-নিষেধসমূহ কটকটীয়া কৰি তুলিবলৈ আৰক্ষী অধীক্ষকসকলক মুখ্যমন্ত্ৰী ড’ শৰ্মাই নিৰ্দেশ দিয়ে। ক’ভিডৰ দৰে জটিল পৰিস্থিতিৰ সময়ত জনসাধাৰণলৈ মানবীয় দৃষ্টিভংগীৰে সৰ্বোৎকৃষ্ট সেৱা আগবঢ়োৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰতিখন জিলাতে ক’ভিডৰ বাবে দুৰ্যোগৰ সন্মুখীন হোৱা জনসাধাৰণলৈ সম্পূৰ্ণ উৎসৰ্গিত মনোভাৱেৰে সেৱা আগবঢ়াবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। জিলাসমূহত ক’ভিডৰ লক্ষণ ধৰা পৰা ৰোগীসকলে ক’ভিড কেয়াৰ চেন্টাৰত ভৰ্ত্তি কৰা অথবা হোম আইচ’লেশ্যনত থকাৰ বাবে আগ্ৰহ প্রকাশ কৰিলে। তেওঁলোকৰ পৰিবহন নিশ্চিত কৰাৰ ব্যৱস্থা কৰিবলৈও মুখ্যমন্ত্ৰীয়ে উপায়ুক্তসকলক নিৰ্দেশ দিয়ে৷ ক’ভিড সংক্ৰমণ প্ৰতিৰোধৰ বাবে প্রয়োজন সাপেক্ষে আৰু অধিক মাইক্ৰ কণ্টেইনমেণ্ট জ’ন ঘোষণাৰ পদক্ষেপ ল’বলৈও মুখ্যমন্ত্ৰীয়ে আজিৰ বৈঠকতে নিৰ্দেশ দিয়ে। কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা অঞ্চলত বসবাস কৰা অথবা হোম আইচ’লেশ্যনত থকা দুখীয়া লোকসকলে যাতে ২ হাজাৰ টকা মূল্যৰ অত্যাৱশ্যকীয় সামগ্ৰী লাভ কৰিব পাৰে সেইটো সুনিশ্চিত কৰাৰ পদক্ষেপ ল’বলৈও জিলা উপায়ুক্তসকলক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। বৈঠকত মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ জনসাধাৰণে চৰকাৰখনে ক’ভিডৰ বিৰুদ্ধে ভালদৰে যুঁজ দিয়াটো একান্তমনে কামনা কৰিছে। চৰকাৰৰ ই এক প্ৰাথমিক দায়িত্ব বুলি উল্লেখ কৰি এই দিশত উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু জিলাসমূহৰ স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকে ঐক্যৱদ্ধভাৱে জিলাসমূহত সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰিব লাগিব। জিলাসমূহত ঘোষণা কৰা কণ্টেইনমেণ্ট জ’ন তথা সান্ধ্য আইনৰ সময়ছোৱাত তেওঁলোকৰ অৱস্থিতি যাতে জনসাধাৰণে উপলব্ধি কৰিব পাৰে সেইটো নিশ্চিত কৰাৰ বাবেও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। ক’ভিডৰ যদি তৃতীয় জোৱাৰো আৰম্ভ হয় তাৰ বাবে আমি সকলোৱে একাবন্ধভাৱে প্রস্তুত হৈ থাকিব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।
ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে অনুষ্ঠিত হোৱা বৈঠকত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্তমল্ল বৰুৱা, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজোতি মহন্ত, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, স্বাস্থ্য বিভাগৰ প্রধান সচিব অনুৰাগ গোৱেল, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্রধান সচিব অবিনাশ যোশী, গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্রধান সচিব নীৰজ বাৰ্মা, ৰাষ্টীয় স্বাস্থ্য অভিযান, অসমৰ অভিযান সঞ্চালক লক্ষ্মণন এছ প্ৰমুখ্যে শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.