কলাক্ষেত্ৰত শিশু আৰু চেমনীয়াৰ শিল্প-সাহিত্য-সংস্কৃতি শীর্ষক কর্মশালা শিশু চেমনীয়াৰ ৰং আনন্দৰ সমাহাৰ

0 272

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত যোৱা ৭ জুলাইৰ পৰা শিশুচেমনীয়াৰ ৰং আনন্দৰ মাজত শিল্প-কলা, সংস্কৃতি বিষয়ক এটি গ্রীষ্মকালীন কর্মশালাৰ অনুষ্ঠিত হয়। অসমৰ বিশিষ্ট সাহিত্যিক, সাংবাদিক, সাহিত্য অকাডেমী বঁটাপ্রাপক অনুৰাধা শৰ্মা পূজাৰী আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজৰ উপ-সভাপতি জিতুল সোণোৱালদেৱে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা এই অনুষ্ঠানটি প্ৰতিদিনে পুৱা ৯ বজাৰ পৰা যোগাসনৰ প্ৰশিক্ষক অনুৰাধা মহন্তৰ তত্ত্বাৱধানত অংশগ্ৰহণকাৰী শিশু-চেমনীয়াই যোগাসন আৰু ধ্যান কৰে। ইয়াৰ পিছতেই ছবি অঁকা, কাৰু শিল্প, গীত (বনগীত, নিচুকনি গীত, দেশপ্রেমমূলক গীত, অসম সংগীত, ৰাষ্ট্ৰীয় সংগীত) অভিনয় (চুটি নাট) নির্বাচিত বিষয়ত প্রশিক্ষণ দিয়া হয়। তাৰোপৰি সাধুকথা, অন্তৰংগ আলাপ, বিজ্ঞান ভিত্তিক যাদু প্ৰদৰ্শন আদি বিনোদনৰ মাজেৰে শিক্ষা প্ৰদান কৰা হয়। এই প্রশিক্ষণসমূহত সমল ব্যক্তিৰূপে বিভিন্ন বিষয়ত প্রশিক্ষণ দিয়ে ক্রমে-অনুপ শৰ্মা, জ্যোতি ৰেখা কলিতা, দীপক দাস, ৰাজদ্বীপ বৰ্মন, পল্লবী নাথ, কুকিমা কাকতি (চিত্ৰ কলা) মিলন দাস (কাৰু কলা), কুসুম তালুকদাৰ, শৰৎ ৰাগ (গীত), ভাস্কৰ নাথ, অভিলাষা বৰবৰা, চেৰী বৰুৱা (অভিনয়), চেতনা দাস, অন্তৰা জি.জি. চৌধুৰী, ডেইজী ভৰালী, প্ৰদাপ পূজাৰী, জয়ন্ত গোস্বামী (সাধু কথা), প্ৰেমধৰ দাস (বিজ্ঞান ভিত্তিক যাদু) আদি।

অন্তৰংগ এসপ্তাহৰ এই কর্মশালা অহা ১৩ জুলাই, ২০২৩ তাৰিখে দিনৰ ১২-০০ বজাত কলাক্ষেত্ৰস্থিত শ্ৰীশ্ৰীমাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত এক বিশেষ অনুষ্ঠানৰ মাজেৰে সামৰণি পৰিব।কর্মশালাখনি পৰিচালনা কৰে জ্যেষ্ঠ চিত্রশিল্পী মধুসূদন দাসে।

Leave A Reply

Your email address will not be published.