শোণিতপুৰৰ ঐতিহ্যমণ্ডিত চাৰিদুৱাৰত শীঘ্ৰেই নিৰ্মাণ হ’ব এখন মডেল ডিগ্ৰী কলেজ আৰু চি বি এছ চি বিদ্যালয়। নিৰ্ভৰযোগ্য সূত্ৰৰপৰা লাভ কৰা তথ্য অনুসৰি , শিক্ষাবিভাগৰ তৰফৰপৰা চাৰিদুৱাৰস্থিত নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ( পূৰ্বৰ চাৰিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় )ভূমিত নিৰ্মাণ কৰা হ’ব উক্ত কলেজ আৰু চি বি এছ চি বিদ্যালয়ৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব । এই সন্দৰ্ভত প্ৰাপ্ত আন এক তথ্য মতে নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰপৰা ভূমিৰ আৱন্টনৰ আপত্তিবিহীন প্ৰমাণ পত্ৰ বিচাৰি চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়াই শোণিতপুৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকক এক পত্ৰ প্ৰেৰণ কৰিছে । আৰু সেই পত্ৰ ভিত্তিত জিলা বিদ্যালয়ৰ পৰিদৰ্শক আজি নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়ৰ অধ্যক্ষ ৰাজেশ দাসক লগত লৈ ভূমি পৰিদৰ্শন কৰাৰ লগতে যাৱতীয় নথিৰো দিহা কৰে। এই খবৰে বিদ্যালয়ৰ পৰিচালনা সমিতি, বৰ্তমানৰ আৰু প্ৰাক্তন শিক্ষাৰ্থী, শিক্ষাগুৰু, অঞ্চলবাসী ৰাইজক উৎসাহিত কৰিছে । উল্লেখ্য যে নিৰ্মাণ হ’বলগীয়া মডেল ডিগ্ৰী কলেজখন কোনটো শাখাৰ হ’ব সেয়া এইমূহুৰ্তলৈকে জানিব পৰা হোৱা নাই।
Trending
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি