নেশ্বনেল পাৰফৰমিং আৰ্টচ্ এচচিয়েছন অৱ ইণ্ডিয়াই অসমৰ নতুন প্রজন্মৰ এজন উল্লেখনীয় কবি, সাংবাদিক, সংগঠক, সমালোচক দীপক শৰ্মাক কলা গৌৰৱ সন্মানেৰে সন্মানিত কৰিছে। এচচিয়েছনৰ ৰাষ্ট্ৰীয় সভাপতি গীৰিৰাজ জামিনি, সাধাৰণ সম্পাদিকা নাট্যচাৰ্য পখিলা কলিতা, তক্ষশিলা, অসমৰ সভাপতি কনকসেন ডেকা স্বাক্ষৰিত এখন এখন অভিনন্দন পত্রত সাংবাদিক, সংগঠক দীপক শৰ্মাৰ বহুমুখী অৱদানক স্মৰণ কৰিছে। সংবাদ-সাহিত্যালোচনী প্ৰভঞ্জনৰ সম্পাদক, মাহেকীয়া কাব্য কাঁচলিৰ সম্পাদক, প্ৰকাশক, অসমৰ সমন্বয়-সংহতিৰ পথিকৃৎ অনুষ্ঠান “বহুবাক”(বহুভাষিক সাহিত্য মঞ্চ) ৰ প্ৰধান সম্পাদক, অসম শিশু সাহিত্য সমাজৰ প্ৰধান সম্পাদক, পৰাগজ্যোতি প্ৰকাশনৰ স্বত্বাধিকাৰ দীপক শৰ্মাৰ সন্মান লাভ কৰাত এজন যোগ্য ব্যক্তিৰ হাতত এই সন্মান পৰিছে বুলি একেমুখে কৈছে। দক্ষিণ কামৰূপৰ ৰামপুৰৰ উমাকান্ত শৰ্মা আৰু লাবণ্য দেৱীৰ ৩য় তথা কনিষ্ঠ পুত্র দীপক শৰ্মাই তিনি কুৰিৰো অধিক গ্ৰন্থ, স্মৃতিগ্ৰন্থ সম্পাদনা কৰিছে।
Trending
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign