অসমৰ পুৰণি কৃষক সংগঠন কাছ-নাছ কেন্দ্ৰীয় সমিতিৰ ২৯ মে’ত সাধাৰণ সভাখনি কাঁহিকুছি উদ্যান আৰু গৱেষণা কেন্দ্ৰত অনুষ্ঠিত হয়। সংগঠনটোৱে প্ৰতিষ্ঠাকালৰপৰাই প্ৰকৃত কৃষকক উৎপাদনী কামত জড়িত কৰি আহিছে। ডিমা হাছং, কাৰ্বি আলং আদি পাহৰীয়া জিলাকে ধৰি অসমৰ প্ৰতিখন জিলাৰ প্ৰকৃত কৃষকক ধান মৰা,পানী যোগান ধৰা মেচিন যোগান ধৰিও আহিছে। এই উপলক্ষে ফিলিপাইনচৰ পৰা ইৰীৰ যোগেদি অহা নানা কৃষকৰ যন্ত্ৰ সঁজুলি বিকল হলে কেনেকৈ সুচল কৰিব পাৰি তাৰ ওপৰত প্ৰশিক্ষণ দিয়াৰ সন্দৰ্ভতও প্ৰশিক্ষণ দিয়া হয়। লকডাউনৰ পিছত ৰাজ্যৰ বিভিন্ন জিলাত কৃষকৰ অৱস্থা শোচনীয় হৈ পৰিছিল। এই কৃষকক বিভিন্ন দিশত উপকৃত কৰাৰ উদ্দেশ্যে সভাখন অনুষ্ঠিত কৰা হয়। বিভিন্ন জিলাৰ পৰা অহা কেন্দ্ৰীয় প্ৰতিনিধি, এই সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ সদস্য, প্ৰধান সম্পাদক কৃষ্ণমোহন তালুকদাৰ, সভাপতি ভুলেন হাজৰিকা, প্ৰতিষ্ঠাপক মূখ্য উপদেষ্টা লোহিত গগৈ, কৃষি বিজ্ঞানী তথা কৃষক বন্ধু ড০ ধীৰেন্দ্ৰ নাথ কলিতা, সেউজ ৰত্ন বিজ্ঞানী ড০ কমল মল্ল বৰুৱাকে ধৰি কেইবাগৰাকী বিজ্ঞানীয়ে অংশগ্ৰহণ কৰি কৃষকৰ উপকৃত হোৱাৰ লগতে কৃষি কাৰ্য ৰোপণৰ ওপৰত ভাষণ আগবঢ়ায়। এই অনুষ্ঠানত বিশেষভাৱে সহায় কৰে কৃষক অধিকাৰ সুৰক্ষা সমিতি নাছৰ দক্ষিণ কামৰূপৰ সভানেত্ৰী বৰ্ণালী তালুকদাৰসহ সংগঠনটোৰ সদস্যসকলে।
Trending
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান