কামৰূপ কৃষি বিজ্ঞান কেন্দ্ৰৰ এপাৰ্ট প্ৰকল্পৰ উদ্যোগত ২৫ আগষ্টৰ পৰা আজিলৈ “ড্ৰাই গ্ৰীণ্ডিং মেচিন আৰু পৰ্টেবোল ৰাইচ মিল” সন্দৰ্ভত এক দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই উপলক্ষে কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ড০ ধীৰেন্দ্ৰ নাথ কলিতাৰ আদৰণি ভাষণেৰে শুভাৰম্ভ কৰা প্ৰশিক্ষণ কাৰ্যসূচীত উপস্থিত থাকে কামৰূপ জিলাৰ কৃষি বিভাগৰ সহকাৰী সঞ্চালক বিমলা প্ৰসাদ দেউৰী, উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ প্ৰধান বিজ্ঞানী তথা চি বি বি অ’ৰ ভাৰপ্ৰাপ্ত বিষয়া ড০ প্ৰমোদ চন্দ্ৰ ডেকা। আনহাতে অনুষ্ঠানটোৰ আঁত ধৰে এপাৰ্ট প্ৰকল্পৰ প্ৰকল্প সহায়ক ড০ মুনমী বৰাই। প্ৰশিক্ষণ শিবিৰত গোৱালপাৰাৰ সৃজনী আৰু ৰংমন কৃষি প্ৰডিউচাৰ কোম্পানীৰ কৰ্মচাৰী-কৃষক আৰু কামৰূপৰ ৰংসং কৃষি প্ৰডিউচাৰ কোম্পানীৰ কৰ্মচাৰী কৃষককে ধৰি সৰ্বমুঠ কুৰি গৰাকী প্ৰশিক্ষাৰ্থী উপস্থিত থাকে। এপাৰ্ট আঁচনিৰ তত্বাৱানত গঠন হোৱা এফ পি চি সকলক স্বাৱলম্বী তথা আয় বৃদ্ধি কৰাৰ উদ্দেশ্যে প্ৰতিজন সদস্যই যাতে প্ৰকল্পৰ অধীনত লাভ কৰা যন্ত্ৰবোৰ মেৰামতি আৰু ৰক্ষণাবেক্ষণ দি নিজাববীয়াকৈ ব্যৱহাৰ কৰিব পাৰে তাৰ উদ্দেশ্যৰে প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । শিবিৰত সমল ব্যক্তি হিচাপে ভাগলৈ ড০ ৰহিত নামদেও আৰু সহকাৰী প্ৰকল্প বিজ্ঞানী দিবাকৰ মহদিয়ে ব্যৱহাৰিক প্ৰশিক্ষণ আগবঢ়ায় ।
Trending
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই