কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শনৰ বাবে দেশ-বিদেশৰ অহা পৰ্যটকৰ সুবিধাৰ বাবে শীৰ্ঘে কাজিৰঙাত স্থাপন হ’ব অত্যাধুনিক সা- সুবিধাযুক্ত পঞ্চতাৰকা ৰিৰ্জট ৷অসম চৰকাৰৰ পৰ্যটন আঁচনিৰ অধীনত অসম পৰ্যটন উন্নয়ন নিগম তত্ত্বাৱধানত নিৰ্মাণ হ’বলগীয়া ৰিৰ্জট খনৰ প্ৰাৰম্ভিক কামকাজ ইতিমধ্যে আৰম্ভ কৰিছে ৷অসম চৰকাৰৰ ৰাজহ বিভাগৰ অনুমোদনক্ৰমে বোকাখাত মহকুমাধিপতি কাৰ্যালয়ে ৰিৰ্জট নিৰ্মাণৰ বাবে কাৰ্বি আংলংৰ নামনিৰ প্ৰাকৃতিক নৌৰ্সগিক দৃশ্যৰে ভৰপুৰ হাতীখুলি চাহ বাগিচাৰ কাষতে থকা ৩০ বিঘা ভূমি এ টি ডি চিলৈ হস্তান্তৰ কৰে৷পঞ্চতাৰকা ৰিৰ্চট খনৰ নিৰ্মাণ বাবে পৰ্যটন উন্নয়ন নিগমৰ সতে বুজাবুজি চুক্তি সম্পাদন হয় হায়াত গ্ৰুপৰে ৷ দুবছৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হ’বলগীয়া পঞ্চতাৰকাযুক্ত ৰিৰ্জট খনে দেশ-বিদেশৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব বুলি আশা কৰে পৰ্যটন উন্নয়ন নিগমে ৷
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা