আজিৰে পৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ এশিঙীয়া গঁড়ৰ গণনা।২৬ মাৰ্চৰ পৰা ২৮ মাৰ্চ তাৰিখেলৈকে উদ্যানখনত সম্পন্ন হ’ব ১৪ সংখ্যক এই গঁড় গণনা কাৰ্যসূচী।উল্লেখ্যে যে, ইয়াৰ পূৰ্বে ২০১৮ চনত হৈছিল অসম গৌৰৱ এটা খর্গযুক্ত গঁড়ৰ গণনা৷ ৰাষ্ট্ৰীয় উদ্যানৰ DFO ৰমেশ কুমাৰ গগৈয়ে জনোৱা অনুসৰি বনকৰ্মী, বিশেষজ্ঞ আৰু স্বেচ্ছাসেৱকৰ সহায়ত সম্পন্ন কৰা হৈছে এই গণনা।শেহতীয়াকৈ ২০১৮ বৰ্ষত চলা গণনাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২৪১৩টা গঁড়ৰ সংখ্যা পোৱা গৈছিল। উদ্যান কৰ্তৃপক্ষই জনোৱা অনুসৰি এইবাৰৰ গঁড়ৰ গণনাৰ বাবে উদ্যানখনক ৮৪ টা কম্পার্টমেণ্টত ভাগ কৰা হৈছে৷আজি প্ৰথম দিনটোত ডিফলু নদীৰ দক্ষিণ অংশত কঁহৰা, বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চলৰ মুঠ ৪৮ টা কম্পার্টমেণ্টত আৰু দ্বিতীয় দিনা ডিফলু নদীৰ উত্তৰ দিশে অগৰাতলি আৰু বুঢ়াপাহাৰ বনাঞ্চলৰ বাকী থকা ৩৬ টা কম্পার্টমেণ্টত গণনাকার্য চলোৱা হ’ব ৷আনহাতে, ২৮ মাৰ্চ তাৰিখে সন্দেহ থকা অঞ্চলত পুনৰ গণনা কৰা হব। এই গণনাকার্যৰ বাবে মুঠ ৬৩ গৰাকী বিশেষজ্ঞক উদ্যান কর্তৃপক্ষই আমন্ত্ৰণ কৰিছে৷ গণনা কাৰ্যসূচী যাতে সূচাৰুৰূপে সম্পন্ন কৰিব পৰা যায় সেই শুকুৰবাৰৰ দিনটোত কহঁৰাৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত এখনি বিশেষ সভাৰ আয়োজন কৰা হয়। উল্লেখ্যে যে, ১৯৬৫ চনত পোন প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনত গঁড় গণনা কাৰ্যসূচী অনুষ্ঠিত হৈছিল।
Trending
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ