কামৰূপ জিলাত বিশ্ব যক্ষ্মা দিৱস পালন

0 261

ৰাজ্যখনৰ অন্যান্য জিলাসমূহৰ লগতে কামৰূপতো বিভিন্ন কাৰ্যসূচীৰে আজি বিশ্ব যক্ষ্মা দিৱস পালন কৰা হয়৷ জিলা স্বাস্থ্য বিভাগৰ অধীনস্থ জিলা যক্ষ্মা নিয়ন্ত্ৰণ কোষৰ উদ্যোগত সংহত জিলা উপায়ুক্তৰ কাৰ্যালয়ত আয়োজিত এই দিৱসৰ কাৰ্যসূচীৰ অংশ হিচাপে পুৱাৰ ভাগত কাৰ্যালয় চৌহদত বৃক্ষ ৰোপণ কাৰ্যসূচী ৰূপায়িত কৰা হয়৷ ইয়াৰ পিছতে স্বাস্থ্য বিভাগৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালৰ পৰা বাক্সা জিলালৈ উলিওৱা মটৰ চাইকেল শোভাযাত্ৰাৰ দলটিক কামৰূপ জিলালৈ আদৰণি জনোৱা হয়৷ স্বাস্থ্য বিভাগৰ বিভিন্ন শাখাৰ দায়িত্বত থকা বিষয়া-কৰ্মচাৰী তথা ছাত্ৰই ভাগ লোৱা এই শোভাযাত্ৰাৰ দলটিক যক্ষ্মা দিৱস উপলক্ষে উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত আয়োজিত সভাত আনুষ্ঠানিকভাৱে আদৰণি সম্ভাষণ জনোৱা হয়৷

সভাত শোভাযাত্ৰাৰ দলটিক নেতৃত্ব দিয়া ৰাজ্যিক যক্ষ্মা কোষৰ বিষয়া ডাঃ পৰাণ জয় বৰদলৈয়ে যক্ষ্মা দিৱস সম্পৰ্কত অৱলোকন কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০২৫ চনৰ ভিতৰত যক্ষ্মা মুক্ত ভাৰত গঢ়াৰ বাবে লোৱা লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত আগন্তুক দিনত কামৰূপ জিলাখন অগ্ৰণী জিলাৰ শাৰীত থাকিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে৷ এই ক্ষেত্ৰত তেওঁ কামৰূপত যক্ষ্মা চিকিৎসা কেন্দ্ৰ বঢ়োৱাৰো পোষকতা কৰে৷
জিলা যক্ষ্মা কোষৰ দায়িত্বত থকা ডাঃ নৰেন্দ্ৰ সিং টিছাই আঁত ধৰা সভাত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ গুণীন্দ্ৰ দেৱ শৰ্মা, জিলা ধপাত নিয়ন্ত্ৰণ কোষৰ দায়িত্ববাহী বিষয়া ডাঃ অমিয় দাস আৰু ডাঃ প্ৰণামিকা শৰ্মাই দিৱসৰ তাৎপৰ্য আৰু জনসাধাৰণৰ কৰণীয় সম্পৰ্কত ব্যাখ্যা আগবঢ়ায়৷‌‌ সভাত অতিৰিক্ত উপায়ুক্ত সিদ্ধাৰ্থ ভট্টাচাৰ্যও উপস্থিত থাকে।

সভাত যক্ষ্মাৰোগৰ পৰা আৰোগ্য লাভ কৰা কেইবাগৰাকী ব্যক্তিক অভিনন্দন জনোৱাৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷
আনহাতে বিশ্ব যক্ষ্মা দিৱস উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ‘যক্ষ্মা মুক্ত ভাৰত’ বিষয়ত আয়োজন কৰা চিত্ৰাঙ্কন প্ৰতিযোগিতাৰ বিজয়ীসকলক এই সভাতে পুৰস্কাৰ প্ৰদান কৰা হয়৷ এই প্ৰতিযোগিতাত অংশুমিতা মহন্ত, অগ্ৰিমা কুমাৰ আৰু নিৰংকুশ কল্লোল পৰাশৰে ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰাৰ বিপৰীতে সংহিতা দাস, অনুজা বি তনয়া আৰু লগন অভিজ্ঞানে নিচুকনি বঁটা লাভ কৰে৷

আজিৰ সভাত জিলাখনত যক্ষ্মা ৰোগী চিনাক্তকৰণৰ বাবে নিয়োগ কৰা Sub National Certificate Surveyৰ স্বেচ্ছাসেৱকসকলৰ সৈতেও মত বিনিময় কৰা হয়৷উল্লেখযোগ্য যে ২০২৫ বৰ্ষত যক্ষ্মা মুক্ত ভাৰত গঢ়াৰ লক্ষ্যত উপনীত হ’বৰ বাবে কামৰূপ জিলাতো বিশেষ উদ্যোগ গ্ৰহণ কৰা হৈছে৷ কামৰূপ জিলাত ৮ টা যক্ষ্মা চিকিৎসা কেন্দ্ৰ আছে৷ জিলাখনত যক্ষ্মা ৰোগীৰ সংখ্যা নিৰ্দ্ধাৰণৰ বাবে এই চিকিৎসা কেন্দ্ৰৰ প্ৰতিটোতে ২ জনীয়া স্বেচ্ছাসেৱকৰ দল একোটিকৈ নিয়োগ কৰা হৈছে৷ আনহাতে ছয়গাঁও আৰু নগৰবেৰাৰ বহল পৰিসৰৰ প্ৰতি লক্ষ্য ৰাখি এই কেন্দ্ৰ দুটাত দুটাকৈ দল নিয়োগ কৰা হৈছে৷ ইতিমধ্যে এই দলসমূহে জিলাখনৰ সকলো ঠাইলৈ গৈ যক্ষ্মা ৰোগ সম্পৰ্কত জৰীপ কৰিছে আৰু সন্দেহজনক স্থিতিত ঠাইতে পৰীক্ষণৰ ব্যৱস্থা কৰি ৰোগী চিনাক্ত কৰাৰ লগতে ঔষধ সেৱনৰ ব্যৱস্থা কৰি দিছে৷ জিলাখনত অভিযান আকাৰে এই জৰীপ কাৰ্য যোৱা ২৪ ফেব্ৰুৱাৰীৰ পৰা চলিত মাৰ্চ মাহৰ ১৩ তাৰিখে সমাপ্ত কৰা হৈছে আৰু বৰ্তমান জিলাখনত ১,১৬৬ গৰাকী যক্ষ্মা ৰোগী আছে৷

এইখিনিতে উল্লেখ কৰিব পাৰি যে ডাঃ ৰবাৰ্ট কোচে ১৮৮২ চনৰ ২৪ মাৰ্চৰ দিনটোতে যক্ষ্মা ৰোগ সৃষ্টিকাৰী বেক্টেৰীয়া আৱিস্কাৰৰ বিষয়ে ঘোষণা কৰিছিল৷ তাৰ এশ বছৰ পাছত ১৯৮২ চনত এই দিনটো বিশ্ব যক্ষ্মা দিৱস ৰূপে পালনৰ পোষকতা আৰম্ভ হৈছিল৷ ১৯৯৫ চনৰ পৰা বিশ্ব স্বাস্থ্য সংস্থাৰ উদ্যোগত এই দিৱস পালনৰ যাত্ৰা আৰম্ভ কৰি আজি বিশ্বৰ সকলো দেশে এই দিৱস পালন কৰি আহিছে যাতে জনসধাৰণক এই মাৰাত্মক ৰোগ সম্পৰ্কত সজাগ কৰিব পাৰি৷ এইবাৰৰ বিশ্ব যক্ষ্মা দিৱসৰ বাণী হৈছে Invest to end TB. Save Lives.

Leave A Reply

Your email address will not be published.