কামৰূপ জিলাত ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি

0 208

কোনো অসাধু লোক, সংগঠন ইত্যাদিয়ে যাতে ৰাজহুৱা শান্তি –শৃংখলা ভংগ কৰিব নোৱাৰে তাৰ প্রতি লক্ষ্য ৰাখি কামৰূপ জিলাৰ ভাৰপ্রাপ্ত জিলা দণ্ডাধীশ সিদ্ধাৰ্থ গোস্বামীয়ে যোৱা ১২ জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ জিলাখনত ফৌজদাৰী কাৰ্য্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে ৷ এই নিষেধাজ্ঞাৰ অধীনত কোনো ৰাজহুৱা স্থানত শোভাযাত্ৰা বা শ্ল’গান আওৰোৱাৰ উদ্দেশ্যেৰে ৫ জন বা ততোধিক লোক সমৱেত হোৱা , ৰাজহুৱা স্হানত মাৰনাস্ত্ৰ , আগ্নেয়াস্ত্র লোৱা ,বিস্ফোৰক সামগ্রী কঢ়িওৱা , শোভাযাত্ৰা উলিওৱা , সভা-সমিতি পতা, শ্লোগান দিয়া আৰু লাউড স্পিকাৰ ইত্যাদি ব্যৱহাৰ কাৰ্যৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে বুলি কামৰূপ জিলা প্রশাসনে জনাইছে । এই আদেশটো সমগ্র কামৰূপ জিলাতে তৎকালীন ভাৱে বলবৎ কৰা হৈছে বুলি কামৰূপ জিলা প্রশাসনে জনাইছে।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই।

Leave A Reply

Your email address will not be published.