কামৰূপ জিলাৰ বান ক্ষতিগ্ৰস্ত গৃহৰ পুনৰ সংস্থাপন অনুদান প্ৰদান আৰু অৰুনোদয় মাহৰ শুভাৰম্ভণি অনুষ্ঠান

0 207

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মই আজি দিশপুৰৰ পৰা প্ৰত্যক্ষ লাভা-লাভ হস্তান্তৰ (ডি বি টি)ৰ জৰিয়তে বান ক্ষতিগ্ৰস্ত গৃহৰ পুনৰ সংস্থাপন অনুদানৰ বিত্তীয় সাহায্য প্ৰদান তথা “অৰুনোদয়” মাহৰ শুভাৰম্ভণি কৰা অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি কামৰূপ জিলাতো পৰিৱেশ আৰু বন, এক্ট ইষ্ট পৰিক্ৰমা, সংখ্যালঘু কল্যাণ বিভাগৰ মন্ত্ৰী তথা জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ অংশগ্ৰহণৰে আয়োজিত এক অনুষ্ঠানত এই দুয়োটা পক্ৰিয়াৰ শুভাৰম্ভণি কৰা হয়। উক্ত অনুষ্ঠানত ৫টা ৰাজহ চক্ৰৰ ৫ গৰাকী বানত গৃহ ক্ষতিগ্ৰস্তলৈ সম্পূৰ্ণ গৃহ ক্ষতিগ্ৰস্তৰ ধনৰাশি ৯৫,১০০ টকাৰ প্ৰতীকি চেক প্ৰদান কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। তেওঁ লগতে জিলা চৌহদত আয়োজিত অনুষ্ঠানত ফ্লেগ অফ্ কৰি জিলাখনৰ “অৰুনোদয়” মাহৰ শুভাৰম্ভণি কৰে।এই উপলক্ষে সংহত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ বানপানীত গৃহ ক্ষতিগ্ৰস্ত পৰিয়াল তথা “অৰুনোদয়” মাহৰ চুপাৰভাইচাৰ আৰু পৰীক্ষণ গোট সমূহৰ সদস্য সকলৰ অংশগ্ৰহণেৰে অনুষ্ঠিত এক সভাত ভাষণ প্ৰদান কৰি মন্ত্ৰী গৰাকীয়ে কয় যে আজি একেলগে দুটা গুৰুত্বপূৰ্ণ কামৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভণি কৰিছে। দুপৰীয়া ১২.৩০ বজাত বানত গৃহ ক্ষতিগ্ৰস্ত সকলে প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ প্ৰক্ৰিয়াৰে পুনৰ সংস্থাপন অনুদানৰ ধনৰাশি লাভ কৰাৰ উপৰি “অৰুনোদয়” মাহৰ জৰিয়তে অসমৰ ইতিহাসত সৰ্ববৃহৎ সামাজিক সমীক্ষাৰ শুভাৰম্ভণি কৰিছে। ইয়াৰ বাবে ১৫ গৰাকী মন্ত্ৰী তথা ১৪ গৰাকী জেষ্ঠ সচিব বিভিন্ন জিলাত উপস্থিত আছে বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীৰ এনেধৰণৰ উদ্ভাৱনীমূলক তথা ক্ষীপ্ৰ কাম-কাজে ৰাজ্যখনৰ জনসাধাৰণ বিশেষকৈ দুখীয়া শ্ৰেণীৰ জনসাধাৰণক বিশেষভাৱে উপকৃত কৰি ৰাজ্যখনৰ প্ৰগতিৰ গতি আৰু অধিক ত্বৰান্বিত কৰিব বুলি তেওঁ কয় । ভাষণ প্ৰসংগত তেওঁ যে ২০২২ চনৰ প্ৰথম আৰু দ্বিতীয়টো বানে ৰাজ্যখনৰ ৩৪ খন জিলাৰ ৮৮.৪৭ লাখ জনসাধাৰণক ক্ষতিগ্ৰস্ত কৰিছে। এই বছৰ সমগ্ৰ অসমৰ ১৮০ গৰাকী ব্যক্তিৰ বান পানীত মৃত্যু হোৱাৰ উপৰি ১৯ গৰাকী ব্যক্তিয়ে ভূমিস্খলনত প্ৰাণ হেৰুৱাইছে। চৰকাৰে বানপীড়িত সকলক সকাহ প্ৰদানৰ বাবে ৪০৯৭ টা সাহায্য শিৱিৰ স্থাপন কৰাৰ উপৰি ৫৮৭১ টা সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰিছিল। বানৰ সময়ত ৭৪৩৫২৮ গৰাকী ব্যক্তিয়ে সাহায্য শিৱিৰত আশ্ৰয় লৈছিল। ৯৮৬৫২ গৰাকী ব্যক্তিক এন ডি আৰ এফ, এচ ডি আৰ এফ, অগ্নি আৰু জৰুৰীকালীন সেৱা, ভাৰতীয় সেনা, ভাৰতীয় বায়ু সেনা আৰু স্বেচ্ছাসেৱক সকলে উদ্ধাৰ কৰিছিল। ২.০২ লাখ বানাক্ৰান্ত জনসাধাৰণলৈ কাপোৰ আৰু বাচন-বৰ্তন ক্ৰয়ৰ বাবে চৰকাৰে ইতিমধ্যে ৭৬.৭৬ কোটি টকাৰ অনুদান আগবঢ়াইছে বুলিও তেওঁ কয়। তদুপৰি বানাক্ৰান্ত ছাত্ৰ-ছাত্ৰীলৈ মুখ্যমন্ত্ৰীৰ সাহায্য পূজিৰ পৰা প্ৰত্যকলৈ ১০০০ টকাকৈ বিশেষ পাঠ্যপুথি অনুদান আগবঢ়োৱা হৈছে। ৰাজ্যখনৰ মুঠ- ১,০১,৫৩৯ গৰাকী ছাত্ৰ-ছাত্ৰীক এই ধন ইতিমধ্যে প্ৰদান কৰা হৈছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ এচ ডি আৰ এফ পূজিৰ পৰা প্ৰদান কৰা পুনৰ সংস্থাপন অনুদানৰ উপৰি বানে সম্পূৰ্ণকৈ গৃহ উতুৱাই লৈ যোৱা ৩০৯ টা পৰিয়াললৈ চেপ্তেম্বৰ মাহত মুখ্যমন্ত্ৰীৰ সাহায্য পূজিৰ পৰা বিশেষ অনুদান আগবঢ়োৱা হব বুলিও তেওঁ কয়। এই ৩০৯ টা পৰিয়ালৰ প্ৰত্যকলৈ এক লাখ টকাকৈ প্ৰদান কৰা হব। ইয়াৰ বাবদ ৩.০৯ কোটি টকা ব্যয় হব। আজি ৰাজ্য চৰকাৰে ২০২২ চনৰ বানৰ সময়ত গৃহ ক্ষতিগ্ৰস্ত হোৱা পৰিয়াললৈ প্ৰত্যক্ষ লাভা-লাভ হস্তান্তৰ পক্ৰিয়াৰ জৰিয়তে পুনৰ সংস্থাপন অনুদান প্ৰক্ৰিয়াৰ শুভৰাম্ভণি কৰিছে বুলি উল্লেখ কৰি এই প্ৰক্ৰিয়া অহা ৩১ আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰা হব বুলি তেওঁ কয়।

আজিৰ এই অনুষ্ঠানত ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ, জিলা উন্নয়ন আয়ুক্ত নৰসিং বে, অতিৰিক্ত উপায়ুক্ত সকল ক্ৰমে প্ৰণৱ দত্ত গোস্বামী, সিদ্ধাৰ্থ গোস্বামী, মুনমী কলিতা, চক্ৰ বিষয়া সকলৰ লগতে অন্যান্য জেষ্ঠ বিষয়া সকল উপস্থিত থাকে।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই।

Leave A Reply

Your email address will not be published.