কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত ‘মেন ইন মেনষ্ট্ৰুৱেশ্যন’ অনুষ্ঠানৰ সফল সামৰণি-জিলা প্ৰশাসনে স্থান লাভ কৰিলে ইণ্ডিয়া বুক অব ৰেকৰ্ডচ’ত

0 268

আজি কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান গুৱাহাটীৰ মুখ্য প্ৰেক্ষাগৃহত মহিলাৰ মাহেকীয়াৰ সময়ত পালন কৰিবলগীয়া স্বাস্থ্যমন্মত বিধি-বিধান তথা বিভিন্ন অন্ধ বিশ্বাস তথা ভ্ৰান্ত ধাৰণা নিৰ্মূলকৰণ সম্পৰ্কত পুৰুষ সকলৰ মাজত বিশেষ সজাগতা সৃষ্টি কৰাৰ অৰ্থে মেন ইন মেনষ্ট্ৰুৱেশ্যন’ শীৰ্ষক এক বিশেষ প্ৰশিক্ষণৰ আয়োজন কৰা হয়। ১১০৯ গৰাকী পুৰুষে মহিলাৰ ঋতুস্ৰাৱ সম্বন্ধীয় বিভিন্ন বিষয়ৰ জ্ঞান অৰ্জনৰ লক্ষ্যৰে আয়োজিত অনুষ্ঠানটোৱে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডচত স্থান লাভ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে আজি কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত একেটা স্থানতে মহিলাৰ ঋতুস্ৰাৱ সম্বন্ধীয় জ্ঞান প্ৰদান প্ৰশিক্ষণত ইমান সংখ্যক পুৰুষৰ অংশগ্ৰহণেৰে কামৰূপ জিলা প্ৰশাসনে ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডচত স্থান লাভ কৰি এক অভিলেখৰ সৃষ্টি কৰিছে।

কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এন ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান, গুৱাহাটীৰ সঞ্চালক অধ্যাপক ড০ টি.জি সীতাৰাম, ফেডাৰেচন অৱ ইণ্ডাষ্ট্ৰি এণ্ড কৰ্মাচ অৱ নৰ্থ ইষ্ট ৰিজনৰ অধ্যক্ষ পবিত্ৰ বুঢ়াগোহাঁই, গুৱাহাটী প্ৰযুক্তি প্ৰতিষ্ঠানৰ অধ্যাপক দীপাঙ্কৰ বন্দোপধ্যায়, ইণ্ডিয়া বুক অৱ ৰেকৰ্ডচৰ এডজুদিকেটৰ জীতেন্দ্ৰ কুমাৰ জৈনকে ধৰি কামৰূপ জিলা প্ৰশাসনৰ বিষয়ববীয়াৰ লগতে বহু সংখ্যক গণ্য-মান্য ব্যক্তিৰ উপস্থিতিৰে আয়োজিত উক্ত অনুষ্ঠানৰ আৰম্ভণিতে কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনে নিজৰ আদৰণী ভাষণত মহিলাৰ ঋতুস্ৰাৱ সম্বন্ধীয় জ্ঞান প্ৰদানৰ এই প্ৰশিক্ষণ কাৰ্যসূচীত ইমান বৃহৎ সংখ্যক পুৰুষৰ অংশগ্ৰহণ সচাকৈয়ে এক ইতিবাচক দিশ বুলি উল্লেখ কৰাৰ লগতে কামৰূপ জিলা প্ৰশাসনে বিগত এবছৰ ধৰি সমাজৰ বিভিন্ন স্তৰৰ জনসাধাৰণৰ মাজত গ্ৰহণ কৰি অহা ব্যাপক সজাগতাৰ কাৰ্যসূচীৰ বিষয়ে নিজৰ ভাষণত উল্লেখ কৰে। আজি পুৰুষ সকলৰ মাজত এই বৃহৎ প্ৰশিক্ষণৰ কাৰ্যসূচী এই দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলিও তেওঁ উল্লেখ কৰে।

অনুষ্ঠানত বক্তব্য প্ৰদান কৰি ভাৰতীয়া প্ৰযুক্তি প্ৰতিষ্ঠানৰ সঞ্চালক অধ্যাপক ড০ টি জি সীতাৰামে ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান, গুৱাহাটীৰ চৌদহত এনে এক গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰিবলৈ পাই তেখেতে গৌৰৱান্বিত বোধ কৰিছে বুলি উল্লেখ কৰি এহেজাৰৰ ওপৰ পুৰুষৰ এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশ গ্ৰহণে এই দিশত এক মানসিকতাৰ পৰিৱৰ্তনৰ সূচনা কৰিব বুলি কয়।ভাষণ প্ৰসংগত তেখতে কামৰূপ জিলা প্ৰশাসনে এই সম্পৰ্কত অবিৰতভাৱে চলাই অহা কাৰ্যসূচীৰো শলাগ লয়।

অনুষ্ঠানত ইণ্ডিয়া বুক অৱ ৰেকৰ্ডচৰ এডজুদিকেটৰ জীতেন্দ্ৰ কুমাৰ জৈনে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডচৰ বিভিন্ন স্বৰ্তাৱলী সম্পৰ্কে বক্তব্য আগবঢ়ায়।কামৰূপ জিলা প্ৰশাসনে বিগত এমাহ ধৰি মহিলাৰ ঋতুস্ৰাৱ সম্পৰ্কীয় বিষয়ৰ ওপৰত আয়োজন কৰা বিভিন্ন সজাগতামূলক কাৰ্যসূচীৰ অৱলোকনেৰে প্ৰস্তুত কৰা এক ভিডিঅ’ অনুষ্ঠানত প্ৰদৰ্শন কৰা হয়।কামৰূপ জিলাৰ সহকাৰী আয়ুক্ত শ্বেহনাব চাহিনে আত ধৰা এই অনুষ্ঠানত প্ৰকল্প বালাৰ প্ৰশিক্ষক শুভোজিৎ বাগচিয়ে এই সম্পৰ্কত বিস্তৃত প্ৰশিক্ষণ প্ৰদান কৰাৰ উপৰি স্বচ্ছ ভাৰত অভিযানৰ কামৰূপ জিলাৰ সমন্বয়ক জলি কলিতাই সহযোগিতা আগবঢ়ায়।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই।

Leave A Reply

Your email address will not be published.