এডভাণ্টেজ অসম ২.০ ৰ অংশস্বৰূপে আজি কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত মহানগৰীৰ গনেশগুৰিস্থিত কৰ ভৱনৰ প্ৰেক্ষাগৃহত একাধিক বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠান হয় । অনুষ্ঠানত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ হৈ জিলা উন্নয়ন আয়ুক্ত পাৰিজাত ভূঁঞাই জিলাখনৰ বিভিন্ন উদ্যোগপতি-ব্যৱসায়িক প্ৰতিষ্ঠানৰ সৈতে বুজাবুজিৰ চুক্তিপত্ৰত স্বাক্ষৰ কৰে । থলুৱা উদ্যোগসমূহক আৰু অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে প্ৰধানকৈ মেচাৰ্ছ দৈৱিক,মেচাৰ্ছ চেৰাউগী ৰিয়েলছ প্ৰাইভেট লিমিটেড,মেচাৰ্ছ ওমশ্ৰী প্ৰডাক্ট ,মেচাৰ্ছ ফাৰ্ষ্ট প্ৰ’ প্ৰাইভেট লিমিটেড প্ৰমুখ্যে ৭৬ খন চুক্তি পত্ৰত স্বাক্ষৰ কৰা হয় ।উল্লেখযোগ্য যে কামৰূপ মহানগৰ জিলাত ২১৯ টা প্ৰকল্প আছে। ইয়াৰ ভিতৰত ৫০ কৌটিতকৈ অধিক ১২ টা আৰু ৫০ কৌটিতকৈ কম ২০৭ টা প্ৰকল্প । এই বুজাবুজি চুক্তিত প্ৰায় ৩৮৫.৩৭ কৌটি টকা বিনিয়োগ কৰা হ’ব । ইপিনে, আজিৰ এই বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানত গুৱাহাটীৰ খানাপাৰাত এডভান্টেজ অসম ২.০ ৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ প্ৰদৰ্শন কৰা হয় । আজিৰ অনুষ্ঠানত জিলা উদ্যোগ আৰু বাণিজ্যিক বিভাগৰ মহাপ্ৰবন্ধক উমেশ কুমাৰ, জিলা প্ৰশাসন, জিলা উদ্যোগ আৰু বাণিজ্যিক বিভাগৰ বিষয়াসকলৰ লগতে বিনিয়োগকাৰীসকল উপস্থিত থাকে।
Trending
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন