কামৰূপ মহানগৰ জিলা আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী ব’ৰ্ডৰ গুৰুত্বপূৰ্ণ সভা – বন্ধ হ’ব যাত্ৰীৰ প্ৰতি অ’লা-উবেৰৰ উৎপীড়ন, চিটিবাছত হ’ব ই-টিকেটিং ব্যৱস্থা, নিৰ্ধাৰণ আৰু নিয়ন্ত্ৰণ হ’ব চিটিবাছৰ ভাড়া

0 253

কামৰূপ মহানগৰ জিলা আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী ব’ৰ্ডৰ এখনি গুৰুত্বপূৰ্ণ সভা আজি মহানগৰ জিলা উপায়ুক্তৰ সভা-কক্ষত অনুষ্ঠিত হয় ৷ জিলা উপায়ুক্ত তথা আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীৰ সভাপতি পল্লৱ গোপাল ঝাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মহানগৰৰ বিভিন্ন পথত চলাচল কৰা চিটিবাছ সমূহৰ ভাড়া নিৰ্ধাৰণ আৰু নিয়ন্ত্ৰণ কৰা, ই-টিকেটিং ব্যৱস্থা, মহামান্য উচ্চতম ন্যায়ালয়ে স্কুল বাছসমূহৰ ক্ষেত্ৰত আৰোপ কৰা নিৰ্দেশনাৰ সঠিক প্ৰয়োগ, ব্যৱসায়িক বাহন অ’লা ,উবেৰৰ ভাড়া নিৰ্ধাৰণ আৰু যাত্ৰীৰ প্ৰতি অশুভ আচৰণ তথা উৎপীড়ন বন্ধ কৰা, মেট্ৰ চেয়াৰ টেক্সি পাথৰ কোৱাৰিৰ পৰা আমচিং যোৰাবাট হৈ ডিগাৰু-সোনাপুৰলৈকে আৰু পাথৰ কোৱাৰীৰ পৰা আজাৰাৰ গধূলি বজাৰলৈকে চলাচল কৰা, অতি সোনকালে চিটিবাছ আস্থানসমূহত আস্থানৰ নামফলক লগোৱাকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত বিশদ আলোচনা কৰি বিষয়সমূহৰ কাৰ্যকৰীকৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হয়। সভাত সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাস, আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলাম, পৰিবহণ বিষয়া (প্ৰবৰ্তক শাখা) হিমাংশু কুমাৰ দাস, এচিপি ট্ৰেফিক ড° অনুপ জ্যোতি বৰা, জনসংযোগ বিষয়া মনিমালা গগৈ, চিটিবাছ সন্থাসমূহৰ সভাপতি-সম্পাদক আৰু বিষয়ববীয়াসকল ক্ৰমে পুলক গোস্বামী, বিপুল কলিতা, হৰেন ডেকা, দিননাথ ভট্টাচাৰ্য, মৃদুল বৈশ্য আদিকে ধৰি কেইবাগৰাকীও প্ৰৱৰ্তক পৰিদৰ্শক উপস্থিত থাকে। উল্লেখিত বিষয়সমূহত আলোচনাৰ অন্তত সভাই আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলাম আৰু পৰিবহণ বিষয়া (প্ৰৱৰ্তক শাখা) হিমাংশু কুমাৰ দাসক বিষয়সমূহৰ দ্ৰুত সমাধানৰ ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিয়ে ৷

Leave A Reply

Your email address will not be published.