কামৰূপ মহানগৰ জিলাক ক’ৰণামুক্ত কৰাৰ বাবে খুবেই কঠোৰ হৈ পৰিছে জিলা প্ৰশাসন।জিলাখনত গণ সংক্ৰমণে যাতে ভয়াবহ ৰূপ ধাৰণ কৰিব নোৱাৰে সেই উদ্দেশ্য আগত ৰাখি জিলা উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত জিলা খনৰ বজাৰ সমিতি সমূহ বিষয়ববীয়া সকলৰ লগত মঙ্গলবাৰে এখন জৰুৰী সভা অনুষ্ঠিত হয়। পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মা আৰু অতিৰিক্ত আয়ুক্ত পুলক মহন্ত জিলা উন্নয়ন আয়ুক্ত নিবেদন দাস পাটোৱাৰীৰ লগত অতিৰিক্ত উপায়ুক্ত সকল উপস্থিত থকা এই সভাত উপায়ুক্ত বিশ্বজিৎ পেগুৱে বজাৰ সমিতিৰ সভাপতি সম্পাদক সমূহক প্ৰতিখন দোকানৰ সন্মুখত ‘ন মাস্ক, ন’ চেলচ ‘ শীৰ্ষক বেনাৰ লগোৱাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।তেওঁ কয় যে দোকানৰ প্ৰতিজন কৰ্মচাৰীয়ে মাস্ক পিন্ধা আৰু দোকানৰ সন্মুখত চেনিটাইজাৰ বা চাবোনেৰে হাত ধোৱাৰ ব্যৱস্থা ৰখাতো বাধ্যতামূলক।অন্যথা প্ৰশাসনৰ টাস্ক ফৰ্চে দোকান সমূহ পৰিদৰ্শন কৰি লাইচেন্স বাতিল কৰি দিব।আনহাতে পৌৰনিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মাই প্ৰতিটো অলিয়ে গলিয়ে প্ৰায় প্ৰতিখন দোকানৰ সন্মুখত ফুটপাথত অস্থায়ী দোকান বহুৱাতো বন্ধ কৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বজাৰ সমিতিক অনুৰোধ জনায়।নতুবা দোকানৰ বয় বস্তু জব্দ কৰা হ’ব বুলি উনুকিয়াই তেওঁ কয় যে যেতিয়ালৈকে ক’ভিড বিধি তথা চৰকাৰী নীতি নিৰ্দেশনা কঠোৰ ভাৱে মানি নচলে তেতিয়ালৈকে ক’ভিড ৰোধ কৰিব নোৱাৰি।সভাত জিলাখনৰ কেইবাখনো বজাৰ সমিতিৰ লগতে খাদ্য আৰু অসামৰিক যোগান বিভাগ, জিলা স্বাস্থ্য বিভাগ আদিৰ বিষয়-ববীয়াসকলে সভাত অংশগ্ৰহণ কৰে।
Trending
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
- ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা
- কৃষি কৰ্মৰে নিদৰ্শন দেখুৱাইছে ধাৰাপুৰ ধোপৰতলৰ সাতজনীয়া শিক্ষিত যুৱকৰ দলে
- উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি স্বাস্থ্য মন্ত্ৰী অশোক সিংহল