কালিলৈ অনুষ্ঠিত হ`ব শপত গ্ৰহণৰ অনুষ্ঠান

0 175

আজি ঘোষণা হ’ল নতুন চৰকাৰৰ মুখ্যমন্ত্ৰী ঘোষণা। ইয়াৰ পাছতে মন্ত্ৰীসভা গঠনৰ বাবে তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে । আজি ৰাজভৱনত নতুন মন্ত্ৰীসভা গঠনৰ দাবী কৰে বিজেপি মিত্ৰজোঁটে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা সৈতে অন্য নেতাসকলে আজি ৰাজভৱনত গৈ ৰাজ্যপাল জগদীশ মুখীক সাক্ষাৎ কৰে আৰু নতুন চৰকাৰ গঠনৰ দাবী পত্ৰ প্ৰদান কৰে। সেই অনুসৰি ‌কালিলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নতুন চৰকাৰে শপত গ্ৰহণ কৰিব ।
এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীৰ উপৰিও আন কেইবাগৰাকীও মন্ত্ৰী বিধায়কে শপতগ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। অনুমান কৰা অনুসৰি হিমন্ত বিশ্ব শৰ্মাই গৃহ,বিত্ত আৰু স্বাস্থ্য এই কেইটা দপ্তৰ নিজৰ হাততেই ৰাখিব।
ইতিমধ্যে কাইলৈৰ শপতগ্ৰহণ বাবে কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহ সাজু কৰি তোলা হৈছে। এল ই ডি স্ক্ৰীণত শপতগ্ৰহণৰ দৃশ্য প্ৰত্যক্ষ কৰিব পাৰিব। অৱশ্যে কোভিড প্ৰটোক’ল মানিহে এই অনুষ্ঠান অনুষ্ঠিত হ’ব। এই সন্দৰ্ভত কামৰূপ জিলা প্ৰশাসনে সকলো ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে। উল্লেখ্যযোগ্য যে নতুন দিল্লীত বিজেপিৰ শীৰ্ষ বিষয়াৰ আলোচনা হোৱাৰ পাছতেই আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পদত্যাগ কৰে আৰু বিজেপিৰ বিধায়িনী বৈঠকতে হিমন্ত বিশ্ব শৰ্মাক নেতা হিচাপে নিৰ্বাচিত কৰে। বিধায়িনী দলৰ নেতা নিৰ্বাচিত হোৱাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাই‌‌ অসমৰ নতুন মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.