৩২জাতি-জনজাতিৰ লোক, ছাত্ৰ-ছাত্ৰী, শিল্পী, কলা-কুশলী, ভিন-ভিন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আজি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশ্ববৰেণ্য শিল্পী, সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ পবিত্ৰ দ্বাদশ বাৰ্ষিক স্মৃতি দিৱসটি সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ লগতে ডিফু আঞ্চলিক কাৰ্যলয়ৰ উদ্যোগত কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সহযোগত আৰু ৰজাপথাৰ শাখা সাহিত্য সভাৰ আতিথ্যত বৰ্ণাঢ়্য কাৰ্যসূচীৰে “ৰজাপথাৰ তিনিআলি উচ্চ মাধ্যমিক বিদ্যালয়”ত উদযাপন কৰা হয়।পুৱা ৮-৩০ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে ৰজাপথাৰ সাহিত্য সভাৰ সভাপতি উমেশ কাকতিয়ে। ৮-৩০ বজাত ড০ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধা নিবেদন মুকলি কৰে জিলা সাহিত্য সভাৰ সভাপতি ভবেন চন্দ্ৰ কোচ আৰু বন্তি প্ৰজ্বলন কৰে ৰজাপথাৰ সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি পৰমানন্দ তালুকদাৰে।৯-১৫ বজাত ক্ৰমে গোলক বৰা সোঁৱৰণী মঞ্চ আৰু গোপেশ্বৰ বৰদলৈ সোঁৱৰণী মঞ্চ মুকলি কৰে সমাজকৰ্মী ধনছিং তেৰাং আৰু জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ভবেশ ৰাজবংশীয়ে।১০বজাত ড০ ভূপেন হাজৰিকাৰ প্ৰদৰ্শনীমূলক গীত আৰু নৃত্যৰ অনুষ্ঠানৰ অন্তত দিনৰ ১২ বজাৰ পৰা সম্বৰ্দ্ধনা অনুষ্ঠান আৰু আমন্ত্ৰিত শিল্পীৰ গীতৰ নান্দনিক অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত অংশ লৈ অসম সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ কাৰ্যকৰী সভাপতি তথা দূৰদৰ্শনৰ অৱসৰপ্ৰাপ্ত সঞ্চালক দেবেন্দ্ৰনাথ বসুমতাৰীয়ে কয়- ভূপেনদা অসম বা ভাৰতৰে নহয় তেওঁ বিশ্বৰে ৰত্ন হয়। বিশিষ্ট কবি- সাংবাদিক দীপক শৰ্মাই বিশিষ্ট অতিথিৰ ভাষণত কয়- “ভূপেন হাজৰিকাই সাহিত্যৰ নৱেল বঁটা পাব লাগিছিল । তেওঁৰ গীতবোৰ ইংৰাজী বা অন্যান্য বিদেশী ভাষালৈ অনুবাদ হ’ব লাগে । আমেৰিকাৰ বব ডিলানে যদিহে সাহিত্যৰ নৱেল বঁটা পাই, তেতিয়াহ’লে ভূপেন হাজৰিকাইও পাব লাগে।অনুষ্ঠানত সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ আহ্বায়ক তথা চলচিত্ৰ পৰিচালক অৱনী ৰঞ্জন পাঠক, সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক কমল কলিতা, ৰাংছিনা ভৱনৰ অৱৰক্ষণ সমিতিৰ কাৰ্যকৰী সভাপতি ৰাজেন বৰা, জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হৰিমোহন জিদুং বিশিষ্ট অতিথি, ৰাংছিনা ভৱনৰ গৱেষণা বিষয়া সুৰঞ্জনা হাচনু, সাহিত্য সভাৰ আকাশ উপ-সমিতিৰ আহ্বায়ক মঞ্জু হাজৰিকা, বিশিষ্ট সমাজকৰ্মী ডম্বৰুধৰ হাজৰিকা, জিতেন শইকীয়া, কেশৱ তেৰাং,ছাৰছ’তিছ’,যাদৱ চন্দ্ৰ বৰদলৈ সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে।সাহিত্য সভাৰ ডিফু আঞ্চলিক কাৰ্যলয়ৰ সম্পাদক বিশ্বজ্যোতি হাজৰিকা, জিলা সাহিত্য সভাৰ সম্পাদক দিগন্ত বৰা, ৰজাপথাৰ সাহিত্য সভাৰ সম্পাদক প্ৰভাত বৰদলৈয়ে অতি নিয়াৰিকৈ আঁত ধৰা অনুষ্ঠানত জনপ্ৰিয় কন্ঠশিল্পী তৃঞ্চা দেৱী, কুইন দাস, জয়মতী নাৰ্জাৰী, প্ৰশান্ত ৰাজখোৱাই সুধাকন্ঠ ভূপেন হাজৰিকাৰ কালজয়ী বিভিন্ন গীত পৰিবেশন কৰি বিশাল ৰাইজক আপ্লুত কৰে।সভাত বিশিষ্ট শিল্পী তথা কাৰ্বি কালচাৰেল ছ’চাইটিৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ আৰু সমাজকৰ্মী অমৰ বৰদলৈক বিপুল ভাৱে সম্বৰ্দ্ধনা জনোৱা হয় ।কাৰ্বি গামোচা, চেলেং চাদৰ, ফুলাম জাপি, প্ৰশস্তি পত্ৰ, স্মাৰক আদি প্ৰদান কৰে।
Trending
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই