আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ দ্বাদশ মৃত্যু বাৰ্ষিকী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ লখৰাত জাগ্ৰত যুৱ সমাজৰ উদ্যোগত আজি অনুষ্ঠিত কৰা হয় ভাৰতৰত্ন ভূপেন হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। আজিৰ এই শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত উপস্থিত থাকে জনপ্ৰিয় অভিনেত্ৰী তথা বিজেপি নেত্ৰী আঙুৰলতা ডেকা, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰাকে প্ৰমুখ্য কৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। শ্ৰদ্ধাঞ্জলী অনুস্থানৰ লগত সংগতি ৰাখি ৰাতিপুৱাৰ ভাগত কণ কণ ছাত্ৰ – ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত কৰা হয় চিত্ৰাংকন প্ৰতিযোগিতা। লগতে এই অনুষ্ঠানতেই এক ৰক্তদান কাৰ্যসূচিও অনুষ্ঠিত কৰা হয়। এই ৰক্তদান কাৰ্যসূচিত অৰ্ধশতাধিক লোকে ৰক্তদান কৰাৰ লগতে অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰায়ো ৰক্তদান কৰে। সন্ধিয়া ভাগত অনুষ্ঠিত কৰা হয় ১৪ বছৰ বয়স অনুৰ্ধৰ প্ৰায় শতাধিক প্ৰতিযোগিতাৰ মাজত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা। এই অনুষ্ঠানতেই জাগ্ৰত যুৱ জাগ্ৰত যুৱ সমাজে আৰ্থিক ভাৱে পিছপৰি থকা খেল জগতত আগৰণুৱা ১৫ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীলৈ আগবঢ়াই ১০ হাজাৰ টকাকৈ এককালীন বৃত্তি। লগতে নিশাৰ ভাগত জনপ্ৰিয় কণ্ঠশিল্পী বিদ্যা সাগৰ আৰু সীমান্ত শেখৰে গীত পৰিৱেশন কৰে।
Trending
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা