মহানগৰীৰ লখৰাত জাগ্ৰত যুৱ সমাজৰ উদ্যোগত সুধাকণ্ঠৰ দ্বাদশ মৃত্যু বাৰ্ষিকী পালন

0 149

আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ দ্বাদশ মৃত্যু বাৰ্ষিকী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ লখৰাত জাগ্ৰত যুৱ সমাজৰ উদ্যোগত আজি অনুষ্ঠিত কৰা হয় ভাৰতৰত্ন ভূপেন হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। আজিৰ এই শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত উপস্থিত থাকে জনপ্ৰিয় অভিনেত্ৰী তথা বিজেপি নেত্ৰী আঙুৰলতা ডেকা, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰাকে প্ৰমুখ্য কৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। শ্ৰদ্ধাঞ্জলী অনুস্থানৰ লগত সংগতি ৰাখি ৰাতিপুৱাৰ ভাগত কণ কণ ছাত্ৰ – ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত কৰা হয় চিত্ৰাংকন প্ৰতিযোগিতা। লগতে এই অনুষ্ঠানতেই এক ৰক্তদান কাৰ্যসূচিও অনুষ্ঠিত কৰা হয়। এই ৰক্তদান কাৰ্যসূচিত অৰ্ধশতাধিক লোকে ৰক্তদান কৰাৰ লগতে অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰায়ো ৰক্তদান কৰে। সন্ধিয়া ভাগত অনুষ্ঠিত কৰা হয় ১৪ বছৰ বয়স অনুৰ্ধৰ প্ৰায় শতাধিক প্ৰতিযোগিতাৰ মাজত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা। এই অনুষ্ঠানতেই জাগ্ৰত যুৱ জাগ্ৰত যুৱ সমাজে আৰ্থিক ভাৱে পিছপৰি থকা খেল জগতত আগৰণুৱা ১৫ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীলৈ আগবঢ়াই ১০ হাজাৰ টকাকৈ এককালীন বৃত্তি। লগতে নিশাৰ ভাগত জনপ্ৰিয় কণ্ঠশিল্পী বিদ্যা সাগৰ আৰু সীমান্ত শেখৰে গীত পৰিৱেশন কৰে।

Leave A Reply

Your email address will not be published.