কুজিসত্র সৌমাৰ সংঘৰ প্ৰতিষ্ঠা দিৱস উদযাপন

0 245

১৯৬৪ চনত জন্মলাভ কৰা “কুজিসত্ৰ সৌমাৰ সংঘয়ে আজি ৫৮ তম বৰ্ষত ভৰি দিলে। এই উপলক্ষে কুজিসত্ৰ শ্ৰী শ্ৰী মাধৱদেৱ পুথিভঁৰাল প্ৰাঙ্গনত আয়োজন কৰা দিনযোৰা কাৰ্যসূচীৰ পুৱা ৯ বজাত কুজিসত্ৰ কলাকেন্দ্ৰৰ সভাপতি তুলাৰাম হাজৰিকাই পতাকা উত্তোলন কৰাৰ পাছত সংঘৰ আলোচনী সম্পাদক অবিনাশ শইকীয়া আৰু ৰাহুল শইকীয়াৰ সম্পাদনাত প্ৰকাশ কৰা প্ৰাচীৰ পত্ৰিকাখন উন্মোচন কৰে। অনুষ্ঠানটিৰ বন্তি প্ৰজ্বলন কৰে সত্ৰৰ নামঘৰীয়া গুনাৰাম হাজৰিকাই। ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশৰ বাবে আয়োজন কৰা চিত্ৰাঙ্কণ , কুইজ , আকস্মিক বক্তৃতা আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয় । উক্ত প্ৰতিযোগিতা সমূহৰ বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি সত্ৰৰ ভকত কুঞ্জৰাম বৰুৱা আৰু হৰিকান্ত বৰাই সাৰুৱা ভাষণ প্ৰদান কৰে । অনুষ্ঠানত উপস্থিত থাকে সংঘৰ সভাপতি পৰশমণি দত্ত আৰু সম্পাদক বিনয় বৰুৱা, স্থানীয় সাংস্কৃতিক কৰ্মী দিপাংকৰ গোস্বামী ।

বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে

Leave A Reply

Your email address will not be published.