কুষ্ঠ মুক্ত ভাৰত গঢ়াৰ সংকল্পৰে ৩০ জানুৱাৰীৰ পৰা ১৩ ফেব্ৰুৱাৰীলৈ সমগ্ৰ দেশতে স্পৰ্শ কুষ্ঠ নিবাৰণী পষেকৰ আয়োজন কৰা হৈছে। কুষ্ঠ নিবাৰণী পষেকৰ অংশ স্বৰূপে আজি ওদালগুৰি জিলা স্বাস্থ্য সমিতিৰ উদ্যোগতো ওদালগুৰি জিলাত স্পৰ্শ কুষ্ঠ সজাগতা অভিযানৰ শুভাৰম্ভ কৰা হয়। ওদালগুৰি জিলাক কুষ্ঠ মুক্ত জিলা হিচাপে গঢ় দিয়াৰ উদ্দেশ্য আগত ৰাখি আজি ওদালগুৰিৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত শুভাৰম্ভণি অনুষ্ঠানত দিল্লীৰ পৰা আহি অংশগ্ৰহণ কৰে ৰাষ্ট্ৰীয় কুষ্ঠ নিবাৰণী কাৰ্যসূচীৰ পৰামৰ্শদাতা ডা° এন মণিমজিয়ে। তেওঁ ভাষণত ওদালগুৰি জিলাক কুষ্ঠ মুক্ত কৰাৰ বাবে সকলোকে একেলগে কাম কৰিবলৈ আহ্বান জনায় লগতে একেলগে কাম কৰি কুষ্ঠ নিৰ্মূল কৰাৰ বাবে শপত বাক্য পাঠ কৰে। অনুষ্ঠানত ওদালগুৰি জিলা স্বাস্থ্য সমিতিৰ যুটীয়া সঞ্চালক ডা. অভিজিত বাসু, জিলা প্ৰতিষেধক বিষয়া ডা.গণেশ ব্ৰহ্ম, ওদালগুৰি জিলাৰ ৰাষ্ট্ৰীয় কুষ্ঠ নিবাৰণী কাৰ্যসূচীৰ মুৰব্বী বিষয়া ডা. নৱজিত ৰাজখোৱা, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ District programme Manager বাচিল টপ্প, এম আৰ ডি এছৰ অধ্যক্ষ মিলন দাস, District Media Expert মধুস্মিতা বৈশ্য, District community mobilizer সঞ্জীৱ কুজুৰৰ লগত স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰী, আশাকৰ্মী আদি উপস্থিত থাকে। লগতে এই অনুষ্ঠানত পিৰামল স্বাস্থ্য, উইছ ফাউন্ডেচন, কেয়াৰ ইন্ডিয়া আদি এন জি আৰ প্ৰতিনিধি সকল অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে জিলা উপায়ুক্ত ড. উদয় প্ৰবীণে জিলা খনক কুষ্ঠ মুক্ত কৰাৰ বাবে যথেষ্ট আগভাগ লৈছে।
Trending
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি