কুৰুৱাবাহী সত্ৰৰ সত্ৰাধিকাৰৰ নিৰ্মালী প্ৰদান অনুষ্ঠান সম্পন্ন

0 267

স্বৰ্গদেউ প্ৰতাপ সিংহৰ শাসনকালত প্ৰত্যক্ষ ৰাজপৃষ্ঠপোষকতাত প্ৰতিষ্ঠিত অসমৰ চাৰি সত্ৰৰ আদি সত্ৰ শ্ৰী শ্ৰীকুৰুৱাবাহী সত্ৰৰ পৰম্পৰা অনুসৰি সোমবাৰে নতুন সত্রাধিকাৰক নিৰ্মালী প্ৰদান কৰে। গোলাঘাট জিলাৰ বোকাখাটস্থিত কুৰুৱাবাহী সত্ৰৰ সত্ৰাধিকাৰ গোপাল চন্দ্ৰ দেৱগোস্বামীৰ বৈকুণ্ঠগামী হোৱাত জ্যেষ্ঠতাৰ ভিত্তিত তেওঁৰ উত্তৰসুৰি হিচাপে নগাঁও জিলাৰ হাতীচোং মৌজাৰ কুৰুৱাবাহী সত্ৰৰ লাৰুগোপাল গোস্বামীয়ে সত্ৰাধিকাৰৰ দায়িত্ব লাভ কৰিছে।সেয়ে পৰম্পৰা অনুযায়ী লাৰুগোপাল গোস্বামীক সত্ৰাধিকাৰৰূপে অভিষেক তথা নিৰ্মালী প্ৰদানৰ অনুষ্ঠানভাগ সোমবাৰে নগাঁৱৰ কুৰুৱাবাহী সত্ৰৰ মূল নামঘৰত সত্ৰখনৰ সমূহ ভকত-বৈষ্ণৱ, শিষ্য তথা ৰাইজে উলহ-মালহৰে অনুষ্ঠিত কৰে । উক্ত মাংগলিক নিৰ্মালি প্ৰদান অনুষ্ঠানভাগ মাজুলীৰ শ্ৰী শ্ৰীদক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল গোস্বামীয়ে সম্পাদন কৰে । অনুষ্ঠানত ডিমৌৰ শ্ৰী শ্ৰীমাহৰা সত্ৰৰ সত্ৰাধিকাৰ জীৱেশ্বৰ দেৱগোস্বামী, মাজ জাজৰিৰ আঁহতগুৰি নুমলি সত্ৰৰ সত্ৰাধিকাৰ পৰমানন্দ দেৱগোস্বামী, উৰিয়াগাঁও কৰচোং সত্ৰৰ তত্ত্বাবধায়ক কীৰ্তি গোস্বামী, শ্ৰী শ্ৰীব্ৰহ্মচাৰী সত্ৰৰ সৰুভাগৰ সত্ৰীয়া শৈলেন্দ্ৰ গোস্বামী, অৱসৰপ্ৰাপ্ত অধ্যক্ষ জগন্নাথ গোস্বামী, বোকাখাটৰ সত্ৰীয়া বিদ্যানন্দ গোস্বামী, প্ৰনৱ গোস্বামী, বোকাখাটৰ শ্ৰী শ্ৰীকুৰুৱাবাহী সত্ৰ পৰিচালনা সমিতিৰ সভাপতি খৰ্গেশ্বৰ বৰা আৰু সম্পাদক প্ৰশান্ত শৰ্মা উপস্থিত থাকি সহযোগিতা আগবঢ়ায় ।

বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে

Leave A Reply

Your email address will not be published.