কামৰূপ জিলাৰ কৃষকসকলৰ মনত আশাৰ সঞ্চাৰ কৰি কালি ২.৫ মেট্ৰিকটন মাটিকঠাল বহিঃৰাজ্যলৈ ৰপ্তানি কৰা হয়৷ তেলেংগনা ৰাজ্যৰ চেকেণ্ডৰাবাদলৈ কঢ়িয়াই নিব লগা ট্ৰাকৰ যাত্ৰা কালি কামৰূপ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা পতাকা জোকাৰি শুভাৰম্ভ কৰে জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনে৷ ট্ৰাকখনত মুঠ ৯০০টা মাটিকঠাল পঠিওৱা হয়৷ এই মাটিকঠালখিনি Raiseom Agritech Pvt Ltd আৰু Sam Agritech Pvt Ltd এ ক্ৰয় কৰিছে৷ ৰপ্তানি কাৰ্যৰ শুভাৰম্ভ কৰি উপায়ুক্তগৰাকীয়ে প্ৰথমবাৰৰ বাবে ৰপ্তানি কৰিবলৈ সক্ষম হোৱা বকো মাটিকঠাল উৎপাদক কোম্পানী লিমিটেডৰ কৰ্মকৰ্তাসকলৰ লগতে কৃষকসকলক অভিনন্দন জ্ঞাপন কৰে৷ তদুপৰি¸ কৃষিখণ্ডৰ উত্তৰণেৰে আত্মনিৰ্ভৰ হোৱাৰ লগতে ৰাজ্যৰ অৰ্থনীতিত অৰিহনা যোগোৱাৰ লক্ষ্যৰে কৃষিখণ্ডক স্বনিয়োজনৰ মাধ্যম ৰূপে গঢ়ি তোলাৰ অৰ্থে যুৱ প্ৰজন্মক আগবাঢ়ি আহিবলৈও তেওঁ আহ্বান জনায় । ৰপ্তানি কৰা মাটিকঠালসমূহ কামৰূপৰ বকো মাটিকঠাল উৎপাদক কোম্পানী লিমিটেডৰ অধীনত বকো, বনগাঁও আৰু বৰগাঁৱৰ কৃষি চক্ৰৰ বিভিন্ন গাঁৱৰ প্ৰায় এহেজাৰ কৃষকে উৎপাদন কৰিছে৷ উল্লেখযোগ্য যে অসমৰ কৃষি বিভাগৰ সৌজন্যত আৰু অসম কৃষি ব্যৱসায় আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্প চমুকৈ এপাৰ্টৰ উদ্যোগত উল্লেখিত কোম্পানীটো ২০১৬ চনতে সংগঠিত কৰা হৈছিল৷ কোম্পানীটোৱে ইতিমধ্যে ৯৬০হেক্টৰ ভূমি সামৰি লৈছে৷ উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগৰ Mission Organic Value Chain Development in Assam আঁচনিৰ অধীনত বিভিন্ন সহায় সমৰ্থন লাভ কৰা এই কোম্পানীটোৰ বজাৰ সংযোগ স্থাপনৰ ক্ষেত্ৰত এপাৰ্ট আৰু জিলা প্ৰশাসনে সক্ৰিয়ভাৱে সহায় আগবঢ়াই আছে৷
Trending
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই