কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগৰ আন এক প্ৰশংসনীয় পদক্ষেপ। উচ্চতৰ মাধ্যমিকত উৰ্তীৰ্ন শিক্ষাৰ্থীসকলৰ পিছত এইবাৰ চিকিৎসকক সকাহ দিয়াৰ বাবে আন এক ইতিবাচক পদক্ষেপ হাতত লৈছে কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়া গৌতম দাসে। এইবাৰ স্বাস্থ্য সেৱাৰ লগত জড়িত প্ৰকৃত সেনানি সকলক থিতাতে গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ দিয়াৰ সিদ্ধান্ত লৈছে মহানগৰ জিলা পৰিবহন বিষয়া গৌতম দাসে। লক্ষ্যনীয় যে, ব্যস্ততাপূৰ্ণ জীৱনৰ বাবে বহু চিকিৎসকে প্ৰয়োজনীয় বুলি ভবাৰ পিছতো এই পৰ্যন্ত সময়ৰ অভাৱৰ বাবে লাভ কৰিব পৰা নাই গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ। সেয়েহে অহা ১০ আগষ্টৰ পৰা এইসকল আগশাৰীৰ যোদ্ধাক গাড়ীচালনাৰ অনুজ্ঞাপত্ৰ দিয়াৰ বাবে কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগে হাতত লৈছে এই ইতিবাচক পদক্ষেপ। অহা ১০ আগষ্টৰ পৰা প্ৰতিদিনে ১০ জনকৈ চিকিৎসকক কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগে গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। ক’ভিড মহামাৰীৰ সময়ত চিকিৎসক সকলে নিষ্ঠাৰে পালন কৰা কৰ্তব্যৰ চানেকি হিচাপে কামৰূপ জিলা পৰিবহন বিভাগে থিতাতে প্ৰদান কৰিব গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ ।তদুপৰি, চিকিৎসক সকলৰ সময়ৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি পৰিবহন বিভাগে গ্ৰহন কৰিছে এই পদক্ষেপ। পৰৱৰ্তী সময়ত চিকিৎসা সেৱাৰ লগত জড়িত আন আন চিকিৎসা কৰ্মীকো পৰিবহন বিভাগে আগবঢ়াব এই সুবিধা। অহা ১০ আগষ্টত কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত এই পদক্ষেপৰ শুভাৰম্ভ কৰিব গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই। ইফালে, চিকিৎসকলৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়া গৌতম দাসে লোৱা এই পদক্ষেপক চিকিৎসকসকলে আদৰণী জনাইছে।
Trending
- জন্মদিনত ১০ জন কৃষকক হাতী খেদাৰ বাবে ১০ টা টৰ্ছ আৰু পাটগাওঁ প্ৰাথমিক বিদ্যালয়ত ৩ যোৰ ডেস্ক- বেঞ্চ প্ৰদান প্ৰদান সমাজকৰ্মী বলেশ্বৰ ৰংপীৰ
- Assam CM meets Nirmala Sitharaman, discusses state’s growth roadmap
- এয়াৰটেলৰ পোষ্টপেইডে নেটৱৰ্কৰ সমস্যা সমাধান কৰে
- কৃষি বিজ্ঞান কেন্দ্ৰত কৃষক সজাগতা সভা সম্পন্ন
- Guwahati Hosts Industry 4.0 Dental 3D Printing Workshop
- District Development Committee Meeting Reviews Key Schemes in Kamrup
- উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
- চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত বাৰ্ষিক বঁটা বিতৰণী সভা সম্পন্ন
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ প্লেটিনাম ছাষ্টেইনেবল কেম্পাছৰ স্বীকৃতি লাভ
- Northeast united FC aim to finish season with hat trick of wins