কৃষি কৰ্মৰে উজলি উঠিছে পশ্চিম গুৱাহাটীৰ খানামুখৰ কেবাজনো উদীয়মান যুৱক

0 250

যি সময়ত ৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱকৰ বেছিভাগেই এটা সৰু বৰ চৰকাৰী চাকৰি বিচাৰি সময় আৰু ধনৰ অপব্যয় কৰিছে , সেইসময়ত কামৰূপ মহানগৰ জিলাৰ পশ্চিম গুৱাহাটীৰ তথা মহানগৰীৰ আজাৰা ৰাজহ চক্ৰ এলেকাৰ ধাৰাপুৰ গাঁও পঞ্চায়তৰ অধীনৰ খানামুখ হাওৰাপাৰ অঞ্চলৰ কেবাজনো শিক্ষিত নিবনুৱা যুৱকে চৰকাৰী চাকৰিৰ পাছত দৌৰি সময় নষ্ট নকৰি নিজৰ পৈত্রিক মাটিত কৃষি কৰ্মৰে উজলি উঠিছে । বিশেষকৈ হাওৰাপাৰৰ ধীৰাজ কলিতা (দুলু ), হিতেশ কলিতা ( ধন ) , আৰু বিতু কলিতাই এইক্ষেত্ৰত বিভিন্ন ঋতুকালীন খেতি কৰি সাধাৰণ ৰাইজেৰ লগতে কৃষি বিভাগৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । যাৰ বাবে তিনিওজনকে কৃষি বিভাগৰ ফালৰ পৰা বিগত ২০২০ বৰ্ষত খেতিত বছৰটোৰ ১২ মাহে পানী যোগান ধৰাৰ বাবে ৬০ শতাংশ ৰাজসাহায্যযুক্ত গভীৰ নলীনাদ বহুৱাই দিছে । এই সন্দৰ্ভত হিতেশ কলিতাই জানিবলৈ দিয়া মতে এইবেলিও তেওঁ প্ৰায় বাৰ বিঘা মাটিত তিনিবিধ শাক ক্ৰমে পালেং , খুতুৰা আৰু ভতুৱাৰ খেতি কৰি যথেষ্ট পৰিমাণে লাভবান হৈছে । অৱশ্যে প্ৰথম অৱস্থাত যিমান মূল্য পাইছিল এতিয়া তাৰ পৰিমাণ কিছু কমি আহিছে । তেনেদৰে কাষৰীয়া ধাৰাপুৰ অঞ্চলৰ মাণিক কলিতা , বিপিন কলিতা , ফনিল দাসকে ধৰি বহু কৃষকেও তাত ঋতুকালীন কৃষি কৰ্ম কৰি আহিছে ।

আনহাতে তেওঁলোকে বহাগত আহু আৰু শাওন মাহত শালি ধানৰ খেতি কৰিব । কৃষি বিভাগৰ ফালৰ পৰা লাভ কৰা গভীৰ নলীনাদৰ জৰিয়তে আগন্তুক আহু আৰু শালি ধানৰ খেতিত উপযুক্ত সময়ত পানী যোগান ধৰিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে । আলু , কবি , বিভিন্ন শাক পাচলিকে ধৰি বিভিন্ন ঋতুকালীন খেতিৰ বাবে বিখ্যাত খানামুখৰ হাওৰাপাৰত যদি চৰকাৰে উঠি অহা যুৱ প্ৰজন্মৰ মাজত কৃষিক জনপ্ৰিয় কৰাৰ বাবে বিশেষ আঁচনি গ্ৰহণ কৰে তেন্তে বহু লোক উপকৃত হব । কিয়নো অঞ্চলটোত প্ৰায় ৩০০ বিঘা মাটিত বহু পৰিয়ালে পৰম্পৰাগত পদ্ধতিৰে কৃষি কৰ্ম কৰি পৰিয়াল ভৰণ – পোষণ দি আহিছে।

বাতৰি যুগুতালে জিতুমণি দাসে

Leave A Reply

Your email address will not be published.