শিৱসাগৰ পৌৰসভাৰ অন্তৰ্গত শান্তিধাম আশ্ৰমত ডে-নূলাম আৰু স্বচ্ছ ভাৰত অভিযানৰ অধীনত আজি এক কেঁচুসাৰ প্ৰকল্প উদ্বোধন কৰে শিৱসাগৰ জিলাৰ উপায়ুক্ত ডাঃ এম.এছ. লক্ষ্মীপ্ৰিয়াই। উল্লেখযোগ্য যে এই কেচুঁসাৰ প্ৰকল্পটো মূলাগাভৰু এএলএফ নামৰ এটা মহিলা গোটে আৰম্ভ কৰিছে ৷ ১০ গৰাকী মহিলাৰ দ্বাৰা গঠিত এই গোটটোৱে সৃষ্টি স্বচ্ছতা সমিতিৰ নামত কেঁচুসাৰ উৎপাদনৰ বাবে নগৰখনৰ ১০ নং ৱাৰ্ডৰ কৰদাতাৰ ঘৰে ঘৰে গৈ আৱৰ্জনা সংগ্ৰহ কৰি সেই সমূহ বিজ্ঞান সন্মত পদ্ধতিৰে পৃথক কৰি জৈৱিক জাৱৰ সমূহ কেঁচুসাৰ উৎপাদনৰ কেঁচামাল ৰূপে ব্যৱহাৰ কৰিছে। উৎপাদিত কেঁচুসাৰ কৃষি ভিত্তিক উদ্যোগত যোগান ধৰি তেওঁলোক স্বাৱলম্বী হোৱাৰ পথ মুকলি হ’ব বুলি উদ্যোক্তা মহিলা সকলে আশা কৰিছে। মহিলা সকলৰ এনে প্ৰয়াসক উপায়ুক্ত গৰাকীয়ে ভূয়সী প্ৰশংসা কৰে আৰু কয় যে মহিলা সকলৰ এই প্ৰয়াসে নগৰখন স্বচ্ছ কৰি ৰখাৰ লগতে তেখেতসকলৰ স্ব-নিয়োজন আৰু উপাৰ্জনৰ বাবেও সহায়ক হ’ব ৷ আজিৰ এই উদ্বোধনী অনুষ্ঠানত শিৱসাগৰ পৌৰসভাৰ সভানেত্ৰী মৃদুস্মিতা সিনহা, পৌৰসভাৰ কাৰ্যববাহী বিষয়া ঋতুৰাজ বৰদলৈ, সহকাৰী আয়ুক্তদ্বয় ক্ৰমে গৌৰীপ্ৰিয়া দেউৰী আৰু মানালি ৰজক, ৱাৰ্ড কমিচনাৰ প্ৰণৱ বৰুৱা, কৃষি বিশষজ্ঞ ৰাজেন গগৈ, মূলাগাভৰু এ এল এফ গোটৰ সদস্যা সকল আৰু শান্তিধাম আশ্ৰম কমিটিৰ সদস্য সকল উপস্থিত থাকে ৷খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিল্লিস্তান খানে..
Trending
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি