শিৱসাগৰ পৌৰসভাৰ অন্তৰ্গত শান্তিধাম আশ্ৰমত ডে-নূলাম আৰু স্বচ্ছ ভাৰত অভিযানৰ অধীনত আজি এক কেঁচুসাৰ প্ৰকল্প উদ্বোধন কৰে শিৱসাগৰ জিলাৰ উপায়ুক্ত ডাঃ এম.এছ. লক্ষ্মীপ্ৰিয়াই। উল্লেখযোগ্য যে এই কেচুঁসাৰ প্ৰকল্পটো মূলাগাভৰু এএলএফ নামৰ এটা মহিলা গোটে আৰম্ভ কৰিছে ৷ ১০ গৰাকী মহিলাৰ দ্বাৰা গঠিত এই গোটটোৱে সৃষ্টি স্বচ্ছতা সমিতিৰ নামত কেঁচুসাৰ উৎপাদনৰ বাবে নগৰখনৰ ১০ নং ৱাৰ্ডৰ কৰদাতাৰ ঘৰে ঘৰে গৈ আৱৰ্জনা সংগ্ৰহ কৰি সেই সমূহ বিজ্ঞান সন্মত পদ্ধতিৰে পৃথক কৰি জৈৱিক জাৱৰ সমূহ কেঁচুসাৰ উৎপাদনৰ কেঁচামাল ৰূপে ব্যৱহাৰ কৰিছে। উৎপাদিত কেঁচুসাৰ কৃষি ভিত্তিক উদ্যোগত যোগান ধৰি তেওঁলোক স্বাৱলম্বী হোৱাৰ পথ মুকলি হ’ব বুলি উদ্যোক্তা মহিলা সকলে আশা কৰিছে। মহিলা সকলৰ এনে প্ৰয়াসক উপায়ুক্ত গৰাকীয়ে ভূয়সী প্ৰশংসা কৰে আৰু কয় যে মহিলা সকলৰ এই প্ৰয়াসে নগৰখন স্বচ্ছ কৰি ৰখাৰ লগতে তেখেতসকলৰ স্ব-নিয়োজন আৰু উপাৰ্জনৰ বাবেও সহায়ক হ’ব ৷ আজিৰ এই উদ্বোধনী অনুষ্ঠানত শিৱসাগৰ পৌৰসভাৰ সভানেত্ৰী মৃদুস্মিতা সিনহা, পৌৰসভাৰ কাৰ্যববাহী বিষয়া ঋতুৰাজ বৰদলৈ, সহকাৰী আয়ুক্তদ্বয় ক্ৰমে গৌৰীপ্ৰিয়া দেউৰী আৰু মানালি ৰজক, ৱাৰ্ড কমিচনাৰ প্ৰণৱ বৰুৱা, কৃষি বিশষজ্ঞ ৰাজেন গগৈ, মূলাগাভৰু এ এল এফ গোটৰ সদস্যা সকল আৰু শান্তিধাম আশ্ৰম কমিটিৰ সদস্য সকল উপস্থিত থাকে ৷খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিল্লিস্তান খানে..
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা