কৈৱৰ্ত নৱজাগৰণ সাহিত্য আৰু সামাজিক মঞ্চ, অসমৰ জন সজাগতা, সাহাৰ্য্য আৰু সম্বৰ্দ্ধনা অনুষ্ঠান

0 262

ৰাজ্যখনৰ খিলঞ্জীয়া  কৈৱৰ্ত জাতিৰ সেৱা আৰু জাতীয় স্বাৰ্থক অগ্ৰাধিকাৰ দি স্বজাতিৰ কল্যাণৰ বাবে বদ্ধপৰিকৰ কৈৱৰ্ত নৱজাগৰণ সাহিত্য আৰু সামাজিক মঞ্চ অসমে দেওবাৰে গ্ৰহণ কৰে এক ব্যতিক্ৰমী কল্যাণমুখী পদক্ষেপ। প্ৰতিক্ষণে স্বজাতিৰ সেৱা আৰু জাতিৰ উত্তৰণৰ স্বাৰ্থত আত্মনিয়োগ কৰি  সমাজ জীৱনক সজাগতা, সচেনতা আৰু সহায়তা প্রদান কৰি অহা
কৈৱৰ্ত নৱজাগৰণ সাহিত্য আৰু সামাজিক মঞ্চ, অসমৰ উদ্যোগত ধেমাজি জিলাৰ বঠাদৈ অঞ্চলৰ প্ৰেক্ষাগৃহত  স্থানীয় বিশিষ্ট  ব্যক্তিবর্গৰ সহযোগত জিলাখনৰ  এক বৃহৎ অঞ্চল সামৰি দেওবাৰে এক জনসজাগতা, সাহাৰ্য্য আৰু সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
বৃহত্তৰ অঞ্চলটোৰ বঠাদৈ,গুইয়েখনা, আদৰ্শ গাওঁ, পিঠুচাপৰি, মিঠাআম চাপৰিৰ ৰাইজ আৰু জ্ঞানপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমূহ শিক্ষক আৰু ছাত্ৰ ছাত্রীয়ে উক্ত অনুষ্ঠানত অংশ গ্ৰহণ কৰে। লখিমপুৰ,ধেমাজি,ঢকুৱাখনাৰ গৰিষ্ঠ সংখ্যক ৰাইজৰ উপস্থিতিত কৈৱৰ্ত নৱজাগৰণ সাহিত্য আৰু সামাজিক মঞ্চ-অসমৰ কাৰ্যকৰ্তা সকলে  একত্ৰিত হৈ মুঠ ১১০গৰাকী ব্যক্তিক প্ৰয়োজনীয় সামগ্ৰী বিনামূলীয়া ভাবে যোগান ধৰে।এই সন্দৰ্ভত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সভাত  সভাপতিত্বত  কৰে একান্ত দাসে  আৰু উদ্দেশ্য ব্যাখ্যা কৰে বৈকুণ্ঠ দাসে। জনাকীৰ্ণ সভাখনত মঞ্চৰ জনমুখী কাৰ্য প্ৰণালী আৰু পদক্ষেপ সন্দৰ্ভত বিশিষ্ট ব্যক্তি ক্ৰমে ভদ্ৰেশ্বৰ দাস ,জিতু মণি দাস, যদুমনি দাস, মিনু দাস আদিয়ে বিশ্লেষণাত্মক বক্তৱ্য আগবঢ়ায়।  এটি শ্ৰুতিমধুৰ সমবেত সংগীতেৰে শোভাৰম্ভ হোৱা সভাত মঞ্চৰ তৰফৰ পৰা  শতাধিক  শিক্ষাৰ্থী আৰু ব্যক্তিলৈ ইংৰাজী ব্যাকৰণ, অভিধান , নেওতা কিতাপ, কলম ,পেঞ্চিল আদি শিক্ষণ সামগ্ৰী,  চেনিটেৰী নেপকিন , বৰ্ষীয়ান সকলৰ বাবে গৰম কাপোৰ , জোতা ,চেন্ডেল আদি বিভিন্ন নিত্য প্ৰয়োজনীয় সামগ্ৰী  বিনামূলীয়া ভাবে বিতৰণ কৰা হয়। তাৰোপৰি সমাজৰ বিভিন্ন ক্ষেত্ৰৰ ১৫ গৰাকী স্বনামধন্য ব্যক্তিক সভাতেই উষ্ণ সম্বৰ্ধনা জনায় ।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.