কোকৰাঝাৰত অসম সাংস্কৃতিক মহাসংগ্ৰামৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতা

0 121

সমগ্ৰ অসমত চলি থকা অসম সাংস্কৃতিক মহাসংগ্ৰামৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতা কোকৰাঝাৰ জিলাৰ বডোফা কালছাৰেল কমপ্লেক্সত দুদিনীয়াকৈ আয়োজন কৰা হৈছে। আজি প্ৰথম দিনাৰ কাৰ্যসূচী পূব কোকৰাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰীৰ আদৰণী ভাষণেৰে আৰম্ভ হয়। বয়সৰ ভিত্তিত ১৯-২৪ বছৰ আৰু ২৫-৩৫ বছৰ— এই দুটা শাখাত অনুষ্ঠিত হয়। দুয়োটা শাখাতে দলীয়ভাৱে বিহুত ৯টা দলে অংশগ্ৰহণ কৰাৰ বিপৰীতে অন্যান্য জনগোষ্ঠীয় নৃত্যত ১৮টা দলে অংশগ্ৰহণ কৰে। আনহাতে বিষ্ণু ৰাভা সংগীত, জ্যোতি সংগীত, ভূপেন্দ্ৰ সংগীত আৰু ৰবীন্দ্ৰ সংগীতত আজি ১৯-২৪ বছৰ শাখাৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই শাখাত মুঠ ৩২গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। ২৫-৩৫ বছৰ শাখাৰ প্ৰতিযোগিতা কাইলৈ অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাৰ শেষত বিজয়ীসকলক প্ৰমাণপত্ৰ বিতৰণ কৰা হয়। ১৯-২৪ বছৰৰ শাখাৰ বিহুনৃত্য প্ৰতিযোগিতাৰ বিজয়ী দল হৈছে- কোকৰাঝাৰ আঞ্চলিক বিহু হুঁচৰি দল (প্ৰথম), বৰদৈচিলা বিহু দল (দ্বিতীয়), ৰামধেনু বিহু দল, চি আই টি (তৃতীয়)। আৰু ২৫-৩৫ বছৰ শাখাৰ বিজয়ী দল— ব’হাগী জেং বিহু (প্ৰথম), বালাজান তিনিআলি ৰঙালী বিহু সন্মিলনী (দ্বিতীয়), ৰিমজিম বোৱাৰী বিহু দল (তৃতীয়) । ১৯-২৪ বছৰ শাখাৰ জনগোষ্ঠীয় নৃত্যত বিজয়ী— ৰামফলবিল দখৰা ৰঙালী বৈশাগু খুংফুং আফাদ (প্ৰথম), গামবাৰী চিখলা (দ্বিতীয়), পুথিয়াগাঁও কোচ ৰাজবংশী সংঘ কৃষ্টি দল (তৃতীয়)। আৰু ২৫-৩৫ বছৰ শাখাত বিজয়ী ছিখ্ৰী ছিখলা (প্ৰথম), ৰংজালী বৈশাগু আফাদ (দ্বিতীয়), ৰংগিনা গ্ৰুপ (তৃতীয়)।
১৯-২৪ বছৰ শাখাৰ বিষ্ণু ৰাভা সংগীতত নেলছন দৈমাৰী (প্ৰথম), জ্যোতি নাথ (দ্বিতীয়), আৰু ছিজুমা বড়ো (তৃতীয়)। জ্যোতি সংগীতত জ্যোতি নাথ (প্ৰথম), প্ৰীতি বেগম (দ্বিতীয়) আৰু অনুপজ্যোতি ৰয় (তৃতীয়)। ভূপেন্দ্ৰ সংগীতত জ্যোতি নাথ (প্ৰথম), ছিজুমা বড়ো (দ্বিতীয়), আৰু বিকন ৰামছিয়াৰী (তৃতীয়)।ৰবীন্দ্ৰ সংগীতত মানসী দাস (প্ৰথম), অংকিতা দেৱনাথ (দ্বিতীয়) আৰু ছাহিদ হুছেইন (তৃতীয়) বিজয়ী হয়‌। কাইলৈ ১২-১৮ বছৰ (নৃত্য আৰু সংগীত) আৰু ২৫-৩৫ বছৰ (সংগীত) শাখাৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।
বিজয়ীসকলক প্ৰমাণপত্ৰ প্ৰদান কৰে কোকৰাঝাৰ জিলাৰ জিলা আয়ুক্ত প্ৰদীপ কুমাৰ দ্বিৱেদী, আই এ এছে। সহযোগিতা আগবঢ়ায় অতিৰিক্ত আয়ুক্ত ৱাদিউল ইছলাম, সহকাৰী আয়ুক্ত ধ্ৰুৱজ্যোতি দাস আৰু সৌৰভজ্যোতি দেউৰীয়ে।

Leave A Reply

Your email address will not be published.